নেশ্যনেল ডেস্ক,৩ মে’ :আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস ২০২২ (World Press Freedom Day 2022) । প্ৰতি বছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰবোৰক স্বীকৃতি দিয়া, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমক তেওঁলোকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কামৰ মাজতে প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে 'ডিজিটেল অৱৰোধৰ অধীনত সাংবাদিকতা' (Journalism under digital siege) ।
ৰাষ্ট্ৰসংঘৰ মতে, এই বিষয়বস্তুটোৰ জৰিয়তে সাংবাদিকসকলৰ ওপৰত নিৰীক্ষণ আৰু ডিজিটেল মধ্যস্থতাকাৰীৰ আক্ৰমণৰ দ্বাৰা সাংবাদিকতা বিপদাপন্ন হোৱাৰ কেইবাটাও উপায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । লগতে ডিজিটেল যোগাযোগৰ ওপৰত জনসাধাৰণৰ বিশ্বাসৰ ওপৰত এই সকলোবোৰৰ পৰিণামৰ ওপৰত আলোচনা কৰা হয় । ৰাষ্ট্ৰসংঘই লগতে উল্লেখ কৰা মতে এনে নিৰীক্ষণে সাংবাদিকসকলে সংগ্ৰহ কৰা তথ্য উদঘাটন কৰিব পাৰে লগতে সাংবাদিকসকলৰ সুৰক্ষাৰ ক্ষতি কৰিব পাৰে ।
আইএফজেয়ে সাংবাদিকৰ নিৰীক্ষণৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বব্যাপী সমাধানৰ আহ্বান জনাইছে
অত্যাধুনিক স্পাইৱেৰ ব্যৱহাৰ কৰি সাংবাদিক আৰু মিডিয়া কৰ্মীৰ ওপৰত চোৰাংচোৱাৰ ঘটনা সমগ্ৰ বিশ্বতে শেহতীয়া বছৰবোৰত বহুগুণে বৃদ্ধি পাইছে (Spying on journalists and media persons increased) । বিশ্ব প্ৰেছ স্বাধীনতা দিৱস উপলক্ষে আন্তৰ্জাতিক সাংবাদিক ফেডাৰেচন (IFJ) আৰু ইয়াৰ সকলো সহযোগী সংস্থাই সমগ্ৰ বিশ্ব আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক সাংবাদিক সংঘৰ সৈতে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে ৷ যাতে সাংবাদিকসকলৰ ওপৰত নিৰীক্ষণ নিষিদ্ধ কৰিব পৰা যায় ।
এক চৰকাৰী বিবৃতিত আন্তৰ্জাতিক সাংবাদিক ফেডাৰেচনে কয় যে, সাংবাদিকসকলৰ নিৰীক্ষণ হৈছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে এক মুখ্য আৰু আটাইতকৈ উদ্বেগজনক ভাবুকি । IFJ ৰ মতে এছিয়া প্ৰশান্ত মহাসাগৰৰ পৰা লেটিন আমেৰিকালৈকে ইউৰোপীয় আৰু মধ্য প্ৰাচ্যলৈ চৰকাৰবোৰে স্বতন্ত্ৰ সাংবাদিকক লক্ষ্য কৰি অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা অত্যাধুনিক স্পাইৱেৰ সামগ্ৰী ব্যৱহাৰ কৰিছে বুলি জানিব পৰা গৈছে ।
অপৰাধ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা এই ধৰণৰ স্পাইৱেৰৰ ব্যৱহাৰৰ ওপৰত নিয়ম আৰু নিয়ন্ত্ৰণৰ অভাৱৰ ফলত সাংবাদিক, ৰাজনীতিবিদ, মানৱ অধিকাৰ কৰ্মী আৰু সমাজৰ নেতাসকল ইয়াৰ বলি হৈছে । লগতে সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, সাংবাদিক আৰু সংবাদ মাধ্যমৰ কৰ্মীসকলৰ ক্ষেত্ৰত এই স্পাইৱেৰটো চোৰাংচোৱাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হৈছে ।
কেৱল এটা মাত্ৰ লিংকত ক্লিক কৰাৰ ফলত এটা ডিভাইচত থকা পাছৱৰ্ড, একাউণ্ট, কল, ইমেইল আৰু আনকি এনক্ৰিপ্ট কৰা যোগাযোগৰ সম্পূৰ্ণ তথ্য আক্ৰমণকাৰীসকলে লাভ কৰিব পাৰে । ই ব্যৱহাৰকাৰীৰ অজ্ঞাতে ভিডিঅ', অডিঅ' আৰু বাৰ্তা ৰেকৰ্ড কৰিব পাৰে । বিবৃতিত উল্লেখ কৰা মতে, সাংবাদিকৰ মুখ্য কামৰ সঁজুলিৰ ব্যৱহাৰ কৰি চৰকাৰে উৎসবোৰ জানিব পাৰে, গৱেষণাত বাধা পাৰে, সংবাদ মাধ্যমৰ কৰ্মীসকলক ভয় খুৱাব পাৰে আৰু কিছুমান ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিবেদন বন্ধ কৰিব পাৰে ।
বিশ্ব প্ৰেছ স্বাধীনতা তালিকাত ভাৰত (India on World Press Freedom Index)