অসম

assam

By

Published : Sep 16, 2021, 1:29 PM IST

ETV Bharat / bharat

বিশ্ব অ’জন দিৱস আৰু মণ্ট্ৰিয়েল প্ৰট’কল

পৃথিৱীৰ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত অ’জন স্তৰৰ আছে বিশেষ গুৰুত্ব । ই সূর্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ অধিকাংশ শোষণ কৰি চকুৰ ৰোগ, ছালৰ ৰোগকে ধৰি উদ্ভিদৰ বিভিন্ন ৰোগৰ লগতে জীৱকূলৰ জীৱন ৰক্ষাৰ কাম কৰে ৷

world ozone day
বিশ্ব অ’জন দিৱস আৰু মণ্ট্ৰিয়েল প্ৰট’কল

নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ : আজি বিশ্ব অ’জন দিৱস ৷ অ’জন স্তৰ তথা ইয়াৰ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰসংঘই প্ৰতিবছৰে 16 ছেপ্টেম্বৰৰ দিনটো বিশ্ব অ'জন দিৱস হিচাপে পালন কৰি আহিছে ৷ বিশ্ব অ'জন দিৱসৰ 2021-ৰ বিষয়বস্তু হৈছে মণ্ট্ৰিয়েল প্ৰট’কল(Montreal Protocol)- আমাক, আমাৰ খাদ্য আৰু ভেকচিন শীতল কৰি ৰাখিছে ।

বিশ্ব অ’জন দিৱস আৰু মণ্ট্ৰিয়েল প্ৰট’কল

মানৱ জীৱনৰ ভোগ, বিলাস আৰু আৰাম সৰ্বস্ব জীৱন-যাপনৰ বাবে বিজ্ঞানৰ উত্তৰণৰ নামত আৱিস্কাৰ হোৱা যন্ত্ৰ তথা উৎপাদিত সামগ্ৰীৰ পৰা নিৰ্গমণ হোৱা ক্লৰ’ফৰ’কাৰ্বন(CFC)ৰ বাবে প্ৰকৃতিৰ বাবে অপৰিহাৰ্য অ'জন স্তৰৰ ক্ষতি হৈছে ৷ কল-কাৰখানাৰ বৰ্ধিত সংখ্যাই বিশেষকৈ প্ৰভাৱ পেলাইছে অ’জন স্তৰত ৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্ব প্ৰদানে হয়তো কিছু পৰিমাণে হ'লেও ৰোধ কৰিব অ’জন স্তৰৰ ক্ষয় ৷

আমি বাস কৰা পৃথিৱীৰ গাতে লাগি থকা বায়ুৰ স্তৰটোক ট্ৰপ'স্ফিয়েৰ বোলা হয় ৷ তাৰ ওপৰতে থকা আনটো স্তৰ হৈছে ষ্ট্ৰেট'স্ফিয়েৰ ৷ এই দুয়োটা স্তৰতে আছে অ’জন গেছ ৷ অ’জন গেছে পৃথিৱীৰ জীৱজগতক এটা ছাতিৰ দৰে আৱৰি আছে ৷ ই সূর্যৰ পৰা অহা অপকাৰী অতি বেঙুনীয়া ৰশ্মিৰ অধিকাংশ শোষণ কৰি চকুৰ ৰোগ, ছালৰ ৰোগকে ধৰি উদ্ভিদৰ বিভিন্ন ৰোগৰ লগতে জীৱকূলৰ জীৱন ৰক্ষাৰ কাম কৰে ৷ এই স্তৰৰ যদি অৱক্ষয় ঘটে, তেন্তে জীৱকূলৰ বাবে ই হ'ব এটা ভয়ানক বিপদৰ সংকেত ৷

বিশ্ব অ’জন দিৱস আৰু মণ্ট্ৰিয়েল প্ৰট’কল

মণ্ট্ৰিয়েল প্ৰট’কল অ’জন স্তৰৰ সুৰক্ষাৰ বাবে এক গোলকীয় চুক্তি হিচাপে 1987 চনত স্বাক্ষৰ কৰা হৈছিল । এই চুক্তি এতিয়ালৈকে স্বাক্ষৰ কৰা আটাইতকৈ সফল পাৰিপাৰ্শ্বিক চুক্তিৰ অন্যতম হিচাপে পৰিগণিত হৈছে । এই চুক্তিৰ মূল উদ্দেশ্য হৈছে অ’জন হ্ৰাসকাৰী পদাৰ্থবোৰ পৰ্যায়ক্ৰমে আঁতৰ কৰাৰ বিশ্বব্যাপী এক ঐক্যবদ্ধ প্ৰচেষ্টা ৷ মণ্ট্ৰিয়েল প্ৰট’কলৰ বাবেই আজি মানৱ স্বাস্থ্য, অৰ্থনীতি আৰু পৰিৱেশ তন্ত্ৰ সুৰক্ষিত হৈ আছে ।

অৱশ্যে, চলিত বৰ্ষত বিশ্ব অ'জন দিৱসৰ বিষয়বস্তুৰ জৰিয়তে আন কিছুমান গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰিব বিচৰা হৈছে । ই জলবায়ু পৰিৱৰ্তন হ্ৰাসৰ লগতে শীতলকৰণ খণ্ডৰ শক্তি বৃদ্ধি কৰে, যি খাদ্য সুৰক্ষাত অৰিহণা যোগায় ।

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে চাৰিজন পৰ্যটকক লৈ মহাকাশত SpaceXৰ ৰকেট

ABOUT THE AUTHOR

...view details