নেশ্যনেল ডেস্ক, 20 আগষ্ট :আজি বিশ্ব মহ দিৱস(World Mosquito Day) ৷ প্ৰতি বছৰে ব্ৰিটিছ চিকিৎসক ছাৰ ৰোনাল্ড ৰছ(Sir Ronald Ross)ৰ স্মৰণত বিশ্ব মহ দিৱস পালন কৰা হয় ৷ ছাৰ ৰোনাল্ড ৰছেই 1897 চনত এই কথা আৱিস্কাৰ কৰিছিল যে, মাইকী মহে মানুহৰ শৰীৰত মেলেৰিয়া সংক্ৰমিত কৰে ৷
ছাৰ ৰোনাল্ডৰ এই আৱিস্কাৰৰ পাচতে সমগ্ৰ বিশ্বতে মহৰ পৰা হোৱা ৰোগ(mosquito-borne diseases) প্ৰতিৰোধ কৰাৰ বাবে অভিযান আৰম্ভ কৰা হৈছিল ৷ এই আৱিস্কাৰৰ বাবে তেওঁক 1902 চনত চিকিৎসাৰ নোবেল বঁটা(Nobel Prize for Medicine in 1902)৷ চিকিৎসা ক্ষেত্ৰৰ বাবে ডাঃ ৰছৰ এই অৱদানৰ প্ৰতি সন্মান জনাই 1930 চনত London School of Hygiene and Tropical Medicine প্ৰতি বছৰে 20 আগষ্টৰ দিনটো বিশ্ব মহ দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছিল ৷
লগতে পঢ়ক :আজি বিশ্ব মহ দিৱস
যদিও ৰোগ বিয়পোৱাৰ বাবে মহক সাধাৰণতে সকলোৱে বেয়া পাই, কিন্তু, সকলো মহ বিপদজনক নহয় ৷ আচৰিত কথাটো হ'ল এয়ে যে, পাৰিপাৰ্শ্বিক ভাৰসাম্য(ecological balance) বজাই ৰখাৰ বাবে মহ অত্যন্ত গুৰুত্বপূৰ্ণ ৷ আমাৰ বিশেষজ্ঞ ডাঃ পি ভি ৰংগনায়াকালুৱে(Dr. P. V. Ranganayakulu) মহ কেনেদৰে আমাৰ শত্ৰু বা বন্ধু সেই সম্পৰ্কে বৰ্ণনা কৰিছে ৷
বান্দৰৰ পৰা মানুহৰ বিৱৰ্তন হোৱাৰো প্ৰায় 46 নিযুত বছৰ পূৰ্বে এই সৰু প্ৰাণীবিধক সম্ভৱতঃ পৃথিৱীত দেখা গৈছিল ৷ কেৱল মানুহেই নহয়, জন্তু, চৰাই, পোক-পতংগ আনকি গছ-গছনিও মহৰ কামোৰৰ চিকাৰ হয় ৷ ই বিৱৰ্তনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে ৷ আমি প্ৰায়ে মহৰ কেৱল বেয়া প্ৰভাৱৰ বিষয়ে চিন্তা কৰো আৰু ইয়াক শত্ৰু হিচাপে গণ্য কৰো ৷ সেয়ে, আমি মহক নিৰ্মূল কৰিব বিচাৰো ৷ কিন্তু, এতিয়া জীৱবিজ্ঞানীসকলে এই কথা উপলব্ধি কৰিছে যে, মহক নিৰ্মূল কৰাটো হৈছে এক অবাস্তৱ আৰু প্ৰকৃতি বিৰোধী কাৰ্যকলাপ (antinature activity) ৷
লগতে পঢ়ক :বিশ্ব মহ দিৱস আৰু জানিবলগীয়া কিছু কথা
মহে মেলেৰিয়া(malaria), ডেংগী(dengue), জিকা(Zika), চিকুনগুনিয়া(chikungunya) আৰু এনকেফেলাইটিছ(Encephalitis)ৰ দৰে কেইবাটাও বিপদজনক ৰোগ বহন কৰে ৷ মহ হৈছে জীৱনৰ জটিল জালৰ এক অংশ আৰু সেয়ে আমি সিঁহতকো সন্মান কৰা উচিত ৷ এটা প্ৰাপ্তবয়স্ক মহ কেইমাহমানৰ বাবে বিশেষকৈ 6 মাহৰ বাবে জীয়াই থাকিব পাৰে ৷ আনহাতে মাইকী মহবোৰ খুউব বেছি দুইৰ পৰা তিনি সপ্তাহ জীয়াই থাকে ৷