নিউজ ডেস্ক, 10 অক্টোবৰ :প্ৰতি বছৰে 10 অক্টোবৰত পালন কৰা হয় বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ এই দিনটো পালনৰ উদ্দেশ্য হৈছে মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু ইয়াৰ লগত জড়িত শিক্ষাৰ প্ৰসাৰ কৰা ৷
মানসিক স্বাস্থ্যৰ গুৰুত্ব কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ সময়ত অধিক বৃদ্ধি পায় ৷ আগতে কেতিয়াও এনে হোৱা নাছিল ৷ স্বাস্থ্য আৰু অন্যান্য ফ্ৰণ্টলাইন কৰ্মী, শিক্ষাৰ্থী, অকলে বাস কৰা লোক আৰু আগৰে পৰা মানসিক স্বাস্থ্যজনিত সমস্যাত ভূগি থকা লোকসকল ইয়াৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হয় ৷
মানসিক স্বাস্থ্যজনিত সমস্যাত ভোগা লোকসকলৰ অকাল মৃত্যুৰ আশংকা অধিক ৷ হতাশা হৈছে এক সচৰাচৰ মানসিক স্বাস্থ্যজনিত ৰোগ, যি বিকলাংগ অৱস্থাৰ অন্যতম মুখ্য কাৰণ ৷ আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে 15-29 বছৰীয়া যুৱকৰ মাজত সচৰাচৰ দেখা পোৱা আত্মহত্যাৰ প্ৰৱণতা হৈছে মৃত্যুৰ দ্বিতীয় মুখ্য কাৰণ ৷
"নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত মানসিক স্বাস্থ্যৰ সমস্যাৰ সৈতে বাস কৰা বেছিভাগ লোকে পৰ্যাপ্ত চিকিৎসা লাভ নকৰে ৷ ক’ভিড-১৯ মহামাৰীয়ে আমাৰ প্ৰত্যাহ্বান বহুগুণে বৃদ্ধি কৰিছে, যাক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন," বুলি WHO ৰ দক্ষিণ-পূৱ এছিয়া অঞ্চলৰ আঞ্চলিক সঞ্চালক ড৹ পুনম খেত্ৰপাল সিঙে সদৰী কৰে ৷
বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ ইতিহাস আৰু তাৎপৰ্য :
বিশ্ব মানসিক স্বাস্থ্য দিৱস প্ৰথমবাৰৰ বাবে ১৯৯২ চনৰ ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য ফেডাৰেচনৰ বাৰ্ষিক কাৰ্যকলাপ হিচাপে পালন কৰা হৈছিল ৷ দিনটোৰ আৰম্ভণিতে কোনো নিৰ্দিষ্ট বিষয় নাছিল আৰু ইয়াৰ উদ্দেশ্য আছিল মানসিক স্বাস্থ্যৰ উন্নতিৰ হকে কাম কৰাৰ প্ৰৱণতা বৃদ্ধি কৰা আৰু প্ৰাসংগিক বিষয়ত জনসাধাৰণক শিক্ষিত কৰা ৷