নিউজ ডেস্ক, 10 আগষ্ট : আজি বিশ্ব সিংহ দিৱস (World Lion Day) ৷ সিংহৰ সংখ্যা বৃদ্ধি আৰু সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে 10 আগষ্টৰ দিনটো বিশ্ব সিংহ দিৱস হিচাপে পালন কৰা হয় ৷ ইতিমধ্যে সিংহক আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ (International Union for Conservation of Nature’s)ই বিপদাপন্ন প্ৰজাতি হিচাপে Red List ত অন্তৰ্ভুক্ত কৰিছে । বৰ্তমান আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চল আৰু এছিয়া (বিলুপ্ত প্ৰায়)ত বন্য সিংহ পোৱা যায় ৷
গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যানক (Gir National Park) সিংহৰ আটাইতকৈ সুৰক্ষিত একমাত্ৰ স্থান বুলি গণ্য কৰা হয় । এছিয়াটিক সিংহৰ সংৰক্ষণৰ প্ৰক্ৰিয়া প্ৰথমবাৰৰ বাবে 1911 চনত জুনাগড়ৰ নৱাবে গ্ৰহণ কৰিছিল ৷ তেওঁ চিকাৰ নিষিদ্ধ কৰাৰ ফলত সিংহৰ সংখ্যা বৃদ্ধি পাইছিল । পিছত, ৰাজ্যৰ বন বিভাগে সিংহৰ সংখ্যা বৃদ্ধি কৰিবলৈ অধিক সতৰ্কতা অৱলম্বন কৰে ৷ গীৰত সিংহৰ সংখ্যা এতিয়ালৈকে সৰ্বাধিক পোৱা গৈছে ।
লগতে পঢ়ক :জনা-নজনা : বিশ্ব সাহিত্যত খলকনি তোলা এখন ৰহস্যময় গ্ৰন্থ