অসম

assam

ETV Bharat / bharat

World Inflammatory Bowel Disease: কি হয় IBD ? ইয়াৰ কাৰণ, লক্ষণ তথা চিকিৎসা সম্পৰ্কে জানো আহক - আই বি ডিৰ প্ৰকাৰ

আমাৰ বহুতৰে খাদ্য খোৱাৰ লগে লগে পেটৰ বিষ, পেট ফুলা, হজম শক্তিত বেয়া প্ৰভাৱ আদি সমস্যাই দেখা দিয়ে ।Inflammatory Bowel DiseaseJৰ ফলত পাচনতন্ত্ৰৰ নলীত দীৰ্ঘদিনীয়া প্ৰদাহ সৃষ্টি হয় । Inflammatory Bowel ৰ ৰোগসমূহৰ ভিতৰত মূলতঃ Ulcerative colitis আৰু Crohn's disease অন্যতম (Ulcerative Colitis)।

World Inflammatory Bowel Disease Here is the Symptoms and Treatment of IBD
কি হয় IBD ? ইয়াৰ কাৰণ, লক্ষণ তথা চিকিৎসা সম্পৰ্কে জানো আহক

By

Published : May 17, 2023, 4:10 PM IST

Updated : May 19, 2023, 6:24 AM IST

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১৯ মে'ৰ দিনা IBD দিৱস পালন কৰা হয় । আই বি ডিক প্ৰদাহজনিত আন্ত্ৰিক ৰোগ বা Inflammatory bowel disease বুলিও কোৱা হয় । এক অধ্যয়ন অনুসৰি দেশৰ প্ৰায় ১৫ লাখ লোক প্ৰদাহজনিত অন্ত্ৰৰ ৰোগত আক্ৰান্ত । এই পৰিসংখ্যাৰ লগে লগে আমেৰিকাৰ পিছতে ভাৰতবৰ্ষক দ্বিতীয় সৰ্বাধিক আই বি ডি আক্ৰান্তৰ দেশ হিচাপে পৰিগণিত হৈছে (Inflammatory Bowel Disease treatment)। এনে পৰিস্থিতিত দীৰ্ঘদিন ধৰি চলি থকা পেটৰ সৈতে জড়িত যিকোনো ধৰণৰ সমস্যাক আওকাণ কৰাৰ পূৰ্বে এবাৰ ইয়াৰ বিষয়ে ভাবি চোৱা উচিত (Inflammatory bowel disease)৷

প্ৰদাহজনিত আন্ত্ৰিক ৰোগ বা চমুকৈ IBD হৈছে এনে এবিধ ৰোগ, যাৰ লক্ষণ আৰম্ভণিতে অতি সাধাৰণ যেন লাগে । এই ৰোগত অন্ত্ৰ আৰু পেটৰ ভিতৰৰ কোমল অংশ ফুলি উঠাৰ দৰে সমস্যাৰ সৃষ্টি হয় । যাৰ বাবে পেটৰ সৈতে জড়িত ৰোগে ৰোগীক অবিৰতভাৱে আমনি কৰে (what is Inflammatory Bowel Disease)।

আইডিবি কেনেধৰণৰ ৰোগ ?

আপুনি ইনফ্লেমেটৰী বৱেল ডিজিজ (IBD) হৈছে আমাৰ পাচনতন্ত্ৰৰ সৈতে জড়িত ৰোগ হয় যি দীৰ্ঘদিনীয়া প্ৰদাহৰ (chronic inflammation) কাৰণ হৈ পৰে (Inflammatory Bowel Disease symptoms)।

আই বি ডিৰ প্ৰকাৰ

এই ৰোগত আমাৰ পেটৰ আভ্যন্তৰীণ অংশ বিশেষকৈ পাচনতন্ত্ৰত দীৰ্ঘদিন ধৰি জ্বলা পোৰা বা ফুলি উঠাৰ দৰে সমস্যাই দেখা দিয়ে । আই.বি.ডি. ইয়াৰে এটা হ’ল Crohn's disease, য’ত পাচনতন্ত্ৰৰ নলীত প্ৰদাহৰ সৃষ্টি হয় (ulcerative colitis awareness month)।

আই বি ডিৰ লক্ষণ

আই বি ডিৰ লক্ষণসমূহৰ বিষয়ে আমি ওপৰত উল্লেখ কৰা মতে আৰম্ভণিতে ই অতি স্বাভাৱিক ৰূপত দেখা দিয়ে আৰু তাৰ পিছত লাহে লাহে বিপদজনক ৰূপ ধাৰণ কৰে ।এই ৰোগৰ লক্ষণসমূহ মূলতঃ পাচনতন্ত্ৰৰ কোনটো অংশই সমস্যাৰ সৃষ্টি কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে । কিন্তু এই ৰোগৰ কিছুমান সাধাৰণ লক্ষণ মূলতঃ পেটৰ বিষ, ডায়েৰিয়া, মলদ্বাৰেদি তেজ নিৰ্গত হোৱা আৰু সঘনাই বমি হোৱা আদি (Inflammatory bowel disease)।

কিয় হয় এই সমস্যা ?

আমাৰ পাচনতন্ত্ৰ কিয় প্ৰদাহ হয় ? এই প্ৰশ্নৰ উত্তৰত বিশেষজ্ঞসকলে কয় যে বেক্টেৰিয়া, ভাইৰাছ আৰু এন্টিজেনে শৰীৰক ট্ৰিগাৰ কৰি আমাৰ পাচনতন্ত্ৰৰ নলীত আৰু অন্ত্ৰত প্ৰদাহ সৃষ্টি কৰে ।

একে সময়তে একাংশ বিশেষজ্ঞই এই ৰোগৰ বাবে চাৰিওফালৰ পৰিৱেশ, বংশগত কাৰণ আৰু জিনীয় বিজ্ঞানকো দায়ী বুলি গণ্য কৰে । এই সকলোবোৰ কাৰণ মিলি শৰীৰত এই অটোইম্যুন ৰেচপন্সৰ কাৰণো হ’ব পাৰে ।

আই বি ডিৰ চিকিৎসা

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আই বি ডিৰ কাৰণ যিয়েই নহওক কিয়, বিশুদ্ধ খাদ্য আৰু সুস্থ জীৱনশৈলীৰ দ্বাৰা আমি এই ৰোগক বহু পৰিমাণে পৰিহাৰ কৰিব পাৰো ।

যিসকল লোকৰ পূৰ্বে এনে ধৰণৰ সমস্যা হৈছে বা হৈ গৈছে তেওঁলোকে ফাষ্ট ফুড, পেকেজিং খাদ্য আৰু অতি ভজা আৰু টেঙা বা অধিক মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে । এই অভ্যাসৰ ফলত এনেধৰণৰ ৰোগে আপোনাৰ দেহত আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে । আপুনি ৰোগৰ কি পৰ্যায়ত আছে আৰু কি আপোনাৰ বাবে আটাইতকৈ উপকাৰী হ’ব সেই বিষয়ে সম্পূৰ্ণ পৰীক্ষাৰ পিছতহে আপোনাৰ চিকিৎসকে আপোনাক ইয়াৰ সঠিক তথ্য দিব পাৰিব ।

লগতে পঢ়ক:World Hypertension Day: চাইলেন্ট কিলাৰ হিচাবে জনাজাত উচ্চ ৰক্তচাপক কেনেকৈ চিনাক্ত কৰিব পাৰি জানি লওক

Last Updated : May 19, 2023, 6:24 AM IST

ABOUT THE AUTHOR

...view details