অসম

assam

ETV Bharat / bharat

আজি বিশ্ব মানৱতা দিৱস - World Humanitarian Day

বাগদাদস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত 2003 চনৰ 19 আগষ্টত সংঘটিত বোমা বিস্ফোৰণত নিহত ইৰাকৰ মহাসচিবৰ তদানীন্তন বিশেষ প্ৰতিনিধি চেৰিজিঅ’ ভিয়েৰা ডি মেলো(Special Representative of the Secretary-General to Iraq, Sergio Vieira de Mello) আৰু তেওঁৰ ২১ গৰাকী সহকৰ্মীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাষ্ট্ৰসংঘই এই দিনটোত বিশ্ব মানৱতা দিৱস উদযাপনৰ সিদ্ধান্ত লয় ।

World Humanitarian Day
আজি বিশ্ব মানৱতা দিৱস

By

Published : Aug 19, 2021, 8:00 AM IST

নিউজ ডেস্ক, 19 আগষ্ট :আজি বিশ্ব মানৱতা দিৱস ৷ বিশ্ব মানৱতা দিৱস সমাজ তথা জনসাধাৰণৰ কল্যান তথা উন্নয়নৰ হকে কাম কৰি প্ৰাণ হেৰুওৱা লোকসকলক স্বীকৃতি দিয়াৰ বাবে উৎসৰ্গিত এক আন্তৰ্জাতিক দিৱস । ৰাষ্ট্ৰসংঘৰ জৰুৰীকালীন সময়ত সমন্বয় অধিক শক্তিশালী কৰাৰ বাবে চুইডিছৰ পৃষ্ঠপোষকতাত জিএ প্ৰস্তাৱৰ অংশ হিচাপে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু সেই অনুসৰি 19 আগষ্ট দিনটো বিশ্ব মানৱতা দিৱস হিচাপে পালন কৰা হয় ৷

ৰাষ্ট্ৰসংঘই বাগদাদস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সংঘটিত বোমা বিস্ফোৰণত ইৰাকৰ মহাসচিবৰ তদানীন্তন বিশেষ প্ৰতিনিধি চেৰিজিঅ’ ভিয়েৰা ডি মেলো(Special Representative of the Secretary-General to Iraq, Sergio Vieira de Mello) আৰু তেওঁৰ ২১ গৰাকী সহকৰ্মীৰ নিহত হোৱাৰ দিনটো বিশ্ব মানৱতা দিৱস হিচাপে পালনৰ সিদ্ধান্ত লয় আৰু সেই অনুসৰি 19 আগষ্ট দিনটো মনোনীত কৰা হয় ৷

আজি বিশ্ব মানৱতা দিৱস

২০০৯ চনৰ ১৯ আগষ্টত প্ৰথমবাৰৰ বাবে বিশ্ব মানৱতা দিৱস উদযাপন কৰা হয় । ইয়াৰ পাছৰে পৰা প্ৰতি বছৰে এটা নিৰ্দিষ্ট বিষয়বস্তুৰ বাচনি কৰি এই দিনটো উদযাপন কৰি অহা হৈছে ৷ 2010 চনত মানৱতাবাদী কৰ্মীসকলৰ প্ৰকৃত কাম আৰু সাফল্যৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, যাৰ বিষয় আছিল, "আমি মানৱতাবাদী কৰ্মী(We are Humanitarian Workers) ।" একেদৰে ২০১১ চনৰ "পিপলছ হেল্পিং পিপলছ"(People Helping People) নামৰ অভিযানটোৰ মূল উদ্দেশ্য আছিল সকলোকে সহায় কৰা মনোভাৱৰ দ্বাৰা অনুপ্ৰাণিত কৰা ।

2012 চনৰ "মই ইয়াত আছিলো"(I Was Here) প্ৰচাৰ অভিযানটো সমগ্ৰ বিশ্বৰ ১ বিলিয়নতকৈও অধিক লোকৰ মাজত সামাজিকভাবে প্ৰসাৰ লাভ কৰিছিল । এই অভিযানটোৰ মূল উদ্দেশ্য আছিল কাৰোবাৰ বাবে কিবা ভাল কৰি নিজৰ চাপ ৰখা । এই অভিযানটো আমেৰিকান গায়ক বেয়ংকে (American singer Beyonc) সমৰ্থন কৰিছিল ৷ তেওঁৰ "আই ৱাজ হিয়েৰ"(I Was Here) গীতটোৰ সংগীত ভিডিঅ' 50 নিযুতৰো অধিকবাৰ চোৱা হৈছে ।

আজি বিশ্ব মানৱতা দিৱস

লগতে পঢ়ক :জনা নজনা: ইতিহাসৰ আটাইতকৈ সৰু যুদ্ধখন

ABOUT THE AUTHOR

...view details