নিউজ ডেস্ক, 29 ছেপ্তেম্বৰ : হৃদযন্ত্ৰ(Heart) হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত অন্যতম । মানুহৰ শৰীৰটো কাৰ্যকৰী কৰি ৰাখিবলৈ এক সুস্থ হৃদযন্ত্ৰ থকাতো অতি গুৰুত্বপূৰ্ণ । হৃদযন্ত্ৰৰ গুৰুত্ব সম্পৰ্কে মানুহক অৱগত কৰিবলৈ ‘বিশ্ব হৃদযন্ত্ৰ দিৱস’(World Heart Day) উদযাপন কৰা হয় ।
প্ৰতিবছৰে 29 ছেপ্তেম্বৰত সমগ্ৰ বিশ্বতে এই বিশেষ দিৱসটো উদযাপন কৰা হয় । চলিত বৰ্ষৰ বিশ্ব হৃদযন্ত্ৰ দিৱসৰ মূল বিষয়বস্তু হৈছে ‘Use Heart Connect’ ৷ অৰ্থাৎ, চলিত বৰ্ষত অব্যাহত থকা ক’ভিড(Covid) মহামাৰীৰ বিৰুদ্ধে সজাগতা, লগতে এই মহামাৰীৰ সময়চোৱাত হৃদযন্ত্ৰৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা উন্নত কৰাৰ বাবে সজাগতা বিয়পোৱা আৰু প্ৰযুক্তিগতভাৱে হৃদযন্ত্ৰৰ সজাগতা সন্দৰ্ভত গুৰুত্ব দিয়াই হৈছে এইবাৰৰ বিশ্ব হৃদযন্ত্ৰ দিৱসৰ মূল্য উদ্দেশ্য ৷
বৰ্তমান সময়ত ডিজিটেলভাৱেও শক্তিশালী হৃদযন্ত্ৰৰ নিদানিক ফলাফল প্ৰাপ্ত কৰিব পাৰি । সক্ৰিয় প্ৰতিৰোধ ক্ষমতাৰ জৰিয়তেও উন্নত ফলাফল লাভ কৰিব পাৰি । অভিজ্ঞতামূলক প্ৰমাণে দেখুৱায় যে, যদি হৃদযন্ত্ৰৰ নিদানিক সমস্যা থকা 100 গৰাকী ৰোগী থাকে, তাৰ ভিতৰত প্ৰায় 97 শতাংশৰ ডিজিটেল স্বাস্থ্য সেৱা বাছনি কৰিলে তেওঁলোকক চিকিৎসালয়ত কোনো জৰুৰীকালীন বা পুনৰ ভৰ্তিৰ সমস্যা নাই ।
নিয়ন্ত্ৰণৰ বাহিৰত থকা ৰক্ত শৰ্কৰা, উশাহ-নিশাহত সমস্যা, বুকুৰ বিষ, হৃদস্পন্দনৰ সমস্যা, জ্বৰ বা ঠাণ্ডা লগা, আঘাতৰ স্থানত ফুলা আদি বিভিন্ন প্ৰকাৰৰ নিদানিক সমস্যা সমাধান কৰিবলৈ হৃদযন্ত্ৰ সন্দৰ্ভত ডিজিটেল স্বাস্থ্য সেৱাযোগে ৰোগীসকলক সঠিক পৰামৰ্শ দিয়া হয় ৷ ইয়াত অন্তৰ্ভুক্ত থাকে ব্যায়ামৰ তীব্ৰতা হ্ৰাস কৰা, আহাৰৰ কঠোৰ নিৰীক্ষণ,আৰু অন্যান্য মাপকাঠি ।
ধূমপান, ডায়েবেটিচ, উচ্চ ৰক্তচাপ, মেদবহুলতা, বায়ু প্ৰদূষণ, চাগাছ ৰোগ আৰু কাৰ্ডিয়াক এমাইল’ইডোচিছ(Cardiac Amyloidosis)ৰ আদি সচৰাচৰ স্থিতি হৈছে কাৰ্ডিওভাস্কুলাৰ(Cardiovascular ) ৰোগৰ কাৰণ । সেয়েহে, স্বাস্থ্যকৰ আহাৰ খাই আৰু যথেষ্ট পৰিমাণে ব্যায়াম চৰ্চা কৰি আমি আমাৰ হৃদযন্ত্ৰৰ যত্ন লোৱাতো অতিকৈ গুৰুত্বপূৰ্ণ ।