নিউজ ডেস্ক,7জানুৱাৰী:আজিৰেপৰা হাৰিয়ানাৰ গুৰুগ্ৰামত আৰম্ভ হৈছে ক'ভিড প্ৰতিষেধকৰ ড্ৰাই ৰাণ ৷ নিৰ্ধাৰিত 6টাকৈ স্থানত হ'ব এই ড্ৰাই ৰাণ কাৰ্যসূচী ৷ বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ নিৰীক্ষণত তথা সংস্থাৰ বিষয়ববীয়াৰ উপস্থিতিত এই প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ ইপিনে, গুৰুগ্ৰামৰ ভাংগাৰোলা গাঁৱত হ'ব লগা ড্ৰাই ৰাণ কাৰ্যসূচীত বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতৰ দায়িত্বত থকা মুৰব্বীৰ সৈতে এক আলোচনাত মিলিত হ'ব জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়াসকল ৷ তদুপৰি 150 গৰাকী স্বাস্থ্যকৰ্মীক ইয়াত ক'ভিড19 ৰ প্ৰতিষেধক দিয়া হ'ব ৷
হাৰিয়ানাৰ গুৰুগ্ৰামত আৰম্ভ ক'ভিড প্ৰতিষেধকৰ ড্ৰাই ৰাণ - বিশ্ব স্বাস্থ্য সংস্থা
হাৰিয়ানাৰ গুৰুগ্ৰামত আৰম্ভ ক'ভিড প্ৰতিষেধকৰ ড্ৰাই ৰাণ ৷ ৰাজ্যখনৰ ভিতৰতে কৰ'ণা ভাইৰাছৰ অধিক প্ৰভাৱ পৰা তথা হাৰিয়ানাৰ বিত্তীয় ৰাজধানী হিচাপে খ্যাত চহৰখনক লৈ অধিক গুৰুত্ব আৰোপ বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ ৷
![হাৰিয়ানাৰ গুৰুগ্ৰামত আৰম্ভ ক'ভিড প্ৰতিষেধকৰ ড্ৰাই ৰাণ world-health-organization-country-head-will-inspect-corona-vaccine-dry-run-in-gurugram](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10149131-45-10149131-1610002461898.jpg)
হাৰিয়ানাৰ গুৰুগ্ৰামত আৰম্ভ ক'ভিড প্ৰতিষেধকৰ ড্ৰাই ৰাণ
উল্লেখ্য যে, গুৰুগ্ৰামৰ তিগ্ৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উপৰিও বাছনি কৰা গুৰুগ্ৰামৰ বাছাই, ৱাজিৰাবাদ, ডাউলতাবাদ আৰু ভাংগাৰোলাতো প্ৰায় 150 জন লোকক ক'ভিড19 প্ৰতিষেধক দিয়া হ'ব ৷ লক্ষণীয় বিষয় যে, ৰাজ্যখনৰ কৰ'ণা ভাইৰাছৰ আটাইতকৈ বেছি প্ৰভাৱ পৰা চহৰখনেই হৈছে গুৰুগ্ৰাম ৷ ইয়াৰ লগতে হাৰিয়ানাৰ বিত্তীয় ৰাজধানী বুলি কোৱা হয় গুৰুগ্ৰামক ৷ যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই অধিক গুৰুত্ব আৰোপ কৰিছে চহৰখনক ৷
লগতে পঢ়কঃনমামি ব্ৰহ্মপুত্ৰৰ পিচত এইবাৰ চৰকাৰী খৰচত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ