নিউজ ডেস্ক, 12 আগষ্ট :আজি বিশ্ব হস্তী দিৱস । বিশ্বত হাতীৰ সুৰক্ষা, সংবৰ্ধন আৰু হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ বাবে 2012 ৰ পৰা প্ৰতি বছৰে 12 আগষ্টৰ দিনটোত আয়োজন কৰি অহা হৈছে বিশ্ব হস্তী দিৱস । বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আয়োজন কৰা হয় দিনটো ।
বৰ্তমান হাতী আৰু মানুহৰ সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰিলেও অতীজৰে পৰা হাতী মানুহৰ মাজত আছিল এক নিবিড় সম্পৰ্ক ৷ 2017 চনত ভাৰতত শেষবাৰৰ বাবে হাতীৰ গণনা কৰা হৈছিল । সেই সময়ৰ হাতীৰ গণনা অনুসৰি ভাৰতত মুঠ 30 হাজাৰ হাতী আছিল ৷ কিন্তু ক্ৰমশঃ এই সংখ্যা হ্ৰাস পাই আহিছে । ভাৰতত হাতীৰ মৃত্যুৰ ঘটনা সৰ্বাধিক সংঘটিত হৈছে কেৰালাত । আনহাতে হাতী-মানুহৰ সংঘাতৰ ফলতো কেইবা হাজাৰ মানুহৰ মৃত্যু হৈছে।