অসম

assam

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 12:42 PM IST

ETV Bharat / bharat

World Cup 2023 : দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনালে ভাৰতীয় ক্ৰিকেট দলে

দেৱালী উপলক্ষে ভাৰতীয় ক্ৰিকেট দলটোৱেও পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি সকলোলৈ বিশেষ দিনটোৰ শুভেচ্ছা জনায় । আজি কিছু সময়ৰ পিছতে অনুষ্ঠিত হ’ব ভাৰত-নেদাৰলেণ্ডৰ মেচ ৷

World Cup: Indian Cricket team celebrates Diwali
X যোগে ভাৰতীয়লৈ দীপাৱলীৰ শুভেচ্ছা জনালে ভাৰতীয় ক্ৰিকেট দলে

নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ : চলি থকা আই চি চি ক্ৰিকেট বিশ্বকাপৰ অন্তিমখন মেচৰ পূৰ্বে দেওবাৰে ভাৰতীয় ক্ৰিকেট দলটোৱে দীপাৱলী আনন্দ উদযাপন কৰা দেখা গৈছে । নেদাৰলেণ্ডৰ বিৰুদ্ধে থকা খেলখন আৰম্ভ হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে শনিবাৰে নিশা দলটোৱে হোটেলত পোহৰৰ উৎসৱ দেৱালী পালন কৰা দেখিবলৈ পোৱা যায় ৷

আঠখন খেলৰ আটাইকেইখনতেই বিজয় হৈ এই বিশ্বকাপত ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে ভাৰতীয় দলটোৱে ৷ মুম্বাইৰ আইকনিক ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত কেন উইলিয়ামছন নেতৃত্বাধীন নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে ৷ লীগ পৰ্যায়ৰ এই প্ৰতিযোগিতাখনত অপৰাজিত হৈ থাকিবলৈ চেষ্টা কৰিব বুলি আশা কৰা হৈছে ভাৰতীয় দলটোৱে ।

ভাৰতে 1983 আৰু 2011 চনৰ পিছত ভাৰতীয় প্ৰতিভাৱান খেলুৱৈ ৰোহিত শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰিবলৈ অগ্ৰসৰ হৈছে ৷ কে.এল.ৰাহুলে Xযোগে কয়, "আমাৰ পৰা আপোনালোক সকলোলৈ দীপাৱলীৰ শুভেচ্ছা ।" দলীয় ফটোখনত ভাৰতীয় দলৰ সকলো সদস্য-সহায়ক কৰ্মচাৰীৰ লগতে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু বলিং প্ৰশিক্ষক পৰাস মহামব্ৰেইক পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল ।

ইফালে ঘৰুৱা ক্ৰিকেটত ঝাৰখণ্ডৰ হৈ খেলা ভাৰতৰ উইকেটৰক্ষক তথা বেটছমেন ঈশান কিষানেও X যোগে নিজৰ ছবি পোষ্ট কৰি হিন্দীত সকলোলৈ শুভেচ্ছা জনায় লিখিছে “শুভ দীপাৱলী ।" অৱশ্যে ভাৰতে বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত দেওবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখনত দলটোক পৰাস্ত কৰি দেশবাসীক পোহৰৰ উৎসৱ দীপাৱলীৰ উপহাৰ দিবলৈ সাজু হৈছে বুলি আশা কৰা হৈছে ৷

12 নৱেম্বৰৰ দুপৰীয়া 2 বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন ৷

লগতে পঢ়ক:UN draft resolution against Israeli settlements : পেলেষ্টাইনত ইজৰাইলী বসতিৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ খচৰা প্ৰস্তাৱ, সপক্ষে ভোট ভাৰতৰ

ABOUT THE AUTHOR

...view details