নেশ্যনেল ডেস্ক, 30 ছেপ্টেম্বৰ: প্ৰখ্যাত ভাৰতীয় আধ্যাত্মিক গুৰু তথা ‘দ্য আৰ্ট অৱ লিভিঙ’ৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ৰবি শংকৰৰ নেতৃত্বত চতুৰ্থ বিশ্ব সংস্কৃতি মহোৎসৱৰ বাবে শুকুৰবাৰে ৱাশ্বিংটন ডিচিৰ নেচনেল মলত হাজাৰ হাজাৰ লোক সমবেত হয় ৷ সমগ্ৰ বিশ্বৰ বিভিন্ন শিল্পীয়ে অনুষ্ঠান পৰিৱেশনৰ জৰিয়তে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰে ৷ এই অনুষ্ঠানত ভাৰতৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰো উপস্থিত থাকে ৷
শনিবাৰে বিশ্ব সংস্কৃতি মহোৎসৱৰ দ্বিতীয় দিনা শ্ৰী শ্ৰী ৰবি শংকৰে নেচনেল মলত হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ বাবে যোগ আৰু ধ্যান অধিৱেশনৰ নেতৃত্ব দিয়ে ৷ 3 দিনীয়া অনুষ্ঠানটোৱে সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীক এক অনন্য অভিজ্ঞতা প্ৰদান কৰে ৷
শুকুৰবাৰে প্ৰথম দিনা ভাষণ প্ৰদান কৰি শ্ৰী শ্ৰী ৰবি শংকৰে মানসিক স্বাস্থ্যৰ সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাসকলক সমৰ্থন কৰিবলৈ সকলোকে আহ্বান জনায় ৷ ‘‘আজি আমি দেখিছোঁ, মানসিক স্বাস্থ্য এক ডাঙৰ সমস্যা । এফালে আক্ৰমণ আৰু সামাজিক হিংসা আৰু আনফালে হতাশা আৰু আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷ এই বিশ্ব সংস্কৃতি মহোৎসৱ হৈছে এক উৎসৱ যি আমাক মনৰ এই বিসংগতিবোৰৰ পৰা ওলাই আহিবলৈ সহায় কৰিব পাৰে,’’ তেওঁ কয় ৷
‘‘মই এজন স্বপ্নদৰ্শী ৷ আমি সকলোৱে সপোন দেখো । আমি সপোন দেখিছো । আমি আদৰ্শক ধৰি ৰাখোঁ । যেতিয়া সমস্যা অধিক তেতিয়া আমি প্ৰকৃত আত্মাৰ মাজলৈ ঘূৰি যাব লাগে ৷ আমাৰ প্ৰকৃত আত্মা হৈছে শান্তি,’’ তেওঁ কয় ৷