অসম

assam

ETV Bharat / bharat

World Brain Day 2023: প্ৰতি বছৰে কিয় পালন কৰা হয় বিশ্ব মস্তিস্ক দিৱস, ইয়াৰ গুৰুত্ব জানো আহক

প্ৰতি বছৰে ২২ জুলাই তাৰিখে বিশ্ব মস্তিস্ক দিৱস পালন কৰা হয় । এই দিৱস পালনৰ উদ্দেশ্য হৈছে মগজুৰ সৈতে জড়িত সকলো ৰোগৰ বিষয়ে মানুহক সজাগ কৰা ।

World Brain Day
বিশ্ব মস্তিস্ক দিৱস

By

Published : Jul 22, 2023, 8:01 AM IST

প্ৰতি বছৰে জুলাই মাহৰ ২২ তাৰিখে বিশ্ব মস্তিস্ক দিৱস পালন কৰা হয় । এই দিৱসৰ উদ্দেশ্য হৈছে মগজুৰ সৈতে জড়িত সকলো ৰোগৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা । পোন প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল ২০১৪ চনত । প্ৰতি বছৰে এই দিনটোৰ বাবে এটা বিষয়বস্তু নিৰ্ধাৰণ কৰা হয় আৰু এই দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় যাতে মানুহক মগজুৰ লগত জড়িত ৰোগৰ বিষয়ে সচেতন কৰিব পৰা যায় ।

বিশ্ব মস্তিস্ক দিৱসৰ ইতিহাস: বিশ্বজুৰি মস্তিস্কৰ সমস্যাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ২০১৩ চনত বিশ্ব স্নায়ুবিজ্ঞান কংগ্ৰেছৰ জনসচেতনতা আৰু ওকালতি সমিতিয়ে বিশ্ব মগজু দিৱস পালনৰ প্ৰস্তাৱ আগবঢ়ায় । ইয়াৰ পিছত ২০১৪ চনত প্ৰথমবাৰৰ বাবে বিশ্ব মস্তিস্ক দিৱস ৱৰ্ল্ড ফেডাৰেচন অৱ নিউৰ’লজী এণ্ড ইণ্টাৰনেশ্যনেল হেডএচ ছ’চাইটিয়ে পালন কৰে ।

মগজুক সুস্থ কৰি ৰখাৰ উপায়

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী ৰখা:মগজুক সুস্থ কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো গুৰুত্বপূৰ্ণ, যাতে আপোনাৰ শৰীৰটো বাৰে বাৰে বেমাৰত নপৰে । আচলতে আমি যেতিয়া বাৰে বাৰে শাৰীৰিকভাৱে অসুস্থ হৈ পৰো তেতিয়া আমাৰ মনটোও ইয়াৰ দ্বাৰা প্ৰভাৱিত হয় । এনে পৰিস্থিতিত মগজুৰ কৰ্মক্ষমতা আৰু উৎপাদনশীলতাত প্ৰভাৱ পৰে । গতিকে, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত জীৱনশৈলী আৰু খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ।

নিয়মিতভাৱে যোগাসন আৰু ধ্যান কৰক:মনটোক সুস্থ কৰি ৰাখিবলৈ মানসিক চাপৰ পৰা মুক্ত কৰি ৰখাটো গুৰুত্বপূৰ্ণ । ইয়াৰ বাবে নিয়মিত যোগাসন আৰু ধ্যান কৰক । যোগে আপোনাৰ শৰীৰক ফিট কৰি ৰখাত সহায় কৰিব, আনহাতে ধ্যান কৰিলে আপোনাৰ মনত থকা অগোছালি শান্ত হ’ব । তাৰ লগতে খোজকাঢ়িও কৰিব পাৰি ।

এই খাদ্যসমূহ পৰিহাৰ কৰক:খাদ্যই আপোনাৰ মগজুতো প্ৰভাৱ পেলায় । এনে পৰিস্থিতিত মদ, চিগাৰেট, ধঁপাত, ফাষ্টফুড, জাংক ফুড আদিৰ পৰা আঁতৰি থাকিব লাগে । আখৰোট, আলমণ্ড, ফ্লেক্সচিড, কুমলীয়া গুটি ইত্যাদি খাদ্যৰ অংশ হিচাপে লওক ।

লগতে পঢ়ক: Thyroid Diseases in Women: হঠাৎ ওজন বৃদ্ধি হোৱাটো থাইৰয়ড ৰোগৰ লক্ষণ, আপোনাৰো আছে নেকি এই সমস্যা ?

ABOUT THE AUTHOR

...view details