স্পৰ্টছ ডেস্ক,২৬ মাৰ্চ :মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰৰ দপদপনি অব্যাহত আছে । শ্বাতি বুৰা আৰু নিতু ঘাংঘাছৰ পাছত এইবাৰ নিখাত জাৰিনেও স্বৰ্ণ জয় কৰিলে (Nikhat Zareen wins second world title)। নিখাতে ভিয়েটনামৰ খেলুৱৈ থি টামৰ বিৰুদ্ধে ৫০ কেজি শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় । খেলখনৰ আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক ৰূপত দেখা পোৱা গৈছিল নিখাতক ।
প্ৰথম অৱস্থাত দুয়োগৰাকী বক্সাৰকে শক্তিশালী ৰূপত আছিল কিন্তু নিখাতে ভিয়েটনামৰ বক্সাৰক আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ ভাল সংমিশ্ৰণেৰ সৈতে বিবুদ্ধিত পেলাইছিল (Nikhat Zarin beat Thi Tam)। যাৰ বাবে অৱশেষত বিশ্ব কেৰিয়াৰৰ দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় নিখাত ।
স্বৰ্ণ জয়ৰ পাছে নিখাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ এই ফলাফলত অত্যন্ত সুখী । ব্যক্তিগতভাৱে এয়া তেওঁৰ বাবে এক ডাঙৰ সাফল্য কিয়নো এইটো তেওঁ দ্বিতীয়টো বিশ্ব চেম্পিয়নৰ খিতাপ । তেওঁৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে এটা ৰোলাৰকোষ্টাৰ ৰাইড আছিল আৰু অৱশেষত যেতিয়া তেওঁৰ হাতখন দাঙি দিয়া হৈছিল তেওঁ আনন্দত উচুপি উঠিছিল । নিখাতে লগতে কয় যে তেওঁৰ পৰৱৰ্তী লক্ষ্য হৈছে এছিয়ান গেমছ । এছিয়ান গেমছতো সোণৰ পদৰ বাবে চেষ্টা চলাব নিখাতে (Nikhat reacts after wins world title)।