অসম

assam

ETV Bharat / bharat

FM Nirmala Sitharaman : ভাৰতৰ ডিজিটাইজেচনক বিশ্বৰ বাকী অংশলৈ লৈ যোৱাৰ প্ৰস্তাৱ বিশ্ব বেংকৰ - বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়ত মালপাছক সাক্ষাৎ কৰাৰ পিছত কয়, "বিশ্ব বেংকৰ সভাপতি ডেভিদ মালপাছৰ সৈতে হোৱা মোৰ বৈঠকত তেওঁ কয় যে আপুনি এতিয়া ভাৰতত ডিজিটেল এপ্লিকেচন গভীৰ হোৱা আৰু সাধাৰণ মানুহে ইয়াক কেনেদৰে গ্ৰহণ কৰিছে তাক প্ৰদৰ্শন কৰা উচিত (Nirmala Sitharaman at World Bank headquarters) ।"

FM Nirmala Sitharaman
ভাৰতৰ ডিজিটাইজেচনক বিশ্বৰ বাকী অংশলৈ লৈ যোৱাৰ প্ৰস্তাৱ বিশ্ব বেংকৰ

By

Published : Oct 16, 2022, 1:15 PM IST

Updated : Oct 16, 2022, 1:22 PM IST

নিউজ ডেস্ক, ১৬ অক্টোবৰ : বিশ্ব বেংকৰ সভাপতি ডেভিদ মালপাছে (World Bank President David Malpass) ভাৰতৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে । ভাৰতৰ সফল ডিজিটাইজেচন প্ৰচেষ্টা যাতে আন দেশলৈও লৈ যাব পাৰে আৰু তাৰ পৰা যাতে তেওঁলোকেও লাভান্বিত হ'ব পাৰে সেই উদ্দেশ্যে এই প্ৰস্তাৱ । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) এই কথা ব্যক্ত কৰিছে । শনিবাৰে ৱাশ্বিংটন চহৰ ভ্ৰমণৰ শেষৰ ফালে এক সংবাদমেলত ভাৰতীয় সাংবাদিকসকলক সম্বোধন কৰি এই কথা কয় ।

উল্লেখ্য, নিৰ্মলা সীতাৰমণ আন্তৰ্জাতিক মুদ্ৰা নিধি (International Monetary Fund) আৰু বিশ্ব বেংকৰ বাৰ্ষিক অনুষ্ঠানত যোগদানৰ বাবে উপস্থিত হৈছে । আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ বৈঠকত যোগদানৰ পিছত সীতাৰমণে কয় যে ভাৰতীয় লোকসকলে কেনেদৰে ডিজিটেল এপ্লিকেচনসমূহ গ্ৰহণ কৰিছে তাক প্ৰদৰ্শন কৰিবলৈ ভাৰতক অনুৰোধ জনাইছে ।

সীতাৰমণে লগতে কয়, "আজি বিশ্ব বেংকৰ সভাপতি ডেভিদ মালপাছৰ সৈতে হোৱা মোৰ বৈঠকত তেওঁ কয় যে আপুনি এতিয়া ভাৰতত ডিজিটেল এপ্লিকেচন গভীৰ হোৱা আৰু সাধাৰণ মানুহে ইয়াক কেনেদৰে গ্ৰহণ কৰিছে সেয়া প্ৰদৰ্শন কৰা উচিত ।" সীতাৰমণে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়ত (Nirmala Sitharaman at World Bank headquarters) মালপাছক লগ পোৱাৰ পিছত এনেদৰে কয় ।

মালপাছে কয় যে ইয়াৰ ফলত তেওঁ বিশ্ব বেংকৰ ফালৰ পৰা সুখী হ'ব আৰু ভাৰতৰ সৈতে একেলগে কাম কৰি ল'বলৈ সক্ষম হ'ব । আনহাতে, ইয়াক পৃথিৱীৰ আন প্ৰান্তলৈও লৈ যাব পৰা যাব । "কেৱল বিশ্ব বেংকেই নহয়, মোৰ প্ৰতিটো দ্বিপাক্ষিক বিষয়ত মানুহে ডিজিটেল দিশত ভাৰতৰ কৃতিত্বৰ বিষয়ে যথেষ্ট প্ৰশংসা কৰিছে ।" সীতাৰমণে এই বিষয়ত এক প্ৰশ্নৰ উত্তৰত এনেদৰে কয়।

উল্লেখ্য, আইএমএফ আৰু বিশ্ব বেংকৰ বাৰ্ষিক বৈঠকৰ (Annual meetings of IMF and World Bank) সময়ত তেওঁৰ বৈঠকৰ কথা উল্লেখ কৰি সীতাৰমণে কয় যে ভাৰতৰ ডিজিটাইজেচন সফলতাৰ বিষয়ে নিশ্চিতভাৱে যথেষ্ট প্ৰশংসা হৈছে । নিশ্চিতভাৱে যথেষ্ট প্ৰশংসা হৈছে । দৰাচলতে ভাৰতে ইমান কম সময়ৰ ভিতৰতে এইটো কৰিব পাৰিব বুলি সকলোৱে আচৰিত হৈছে । এই ডিজিটেল এপ্লিকেচন কেনেদৰে সফল হৈছে, মানুহে ইয়াৰ সৈতে কেনেদৰে খাপ খাইছে সেই বিষয়ে জানিবলৈও তেওঁলোক উদগ্ৰীৱ ।

লগতে পঢ়ক :Wall Street Journal : ৱাল ষ্ট্ৰীট জাৰ্নেলতৰ্নে মোদীৰ বিৰুদ্ধে সম্পূৰ্ণ পৃৰ্ণ ষ্ঠা পৃ ৰ বিজ্ঞাপন

Last Updated : Oct 16, 2022, 1:22 PM IST

ABOUT THE AUTHOR

...view details