আইজল,16 এপ্ৰিল: 15 এপ্ৰিল দিনটো বিশ্ব কলা দিৱস হিচাপে উদযাপন কৰা হয় ৷ মিজোৰামৰ ভানাপা হলতো বৃহস্পতিবাৰে 2021 চনৰ পালন কৰা হয় বিশ্ব কলা দিৱস । লিঅ’নাৰ্ডো দ্য ভিঞ্চিৰ জন্ম জয়ন্তীত ইউনেস্কোৰ অংশীদাৰ আন্তৰ্জাতিক কলা সংস্থা (আইএএ)ই ভাৰতত কলাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰচাৰৰ বাবে বিশ্ব কলা দিৱস পালন কৰে ৷ মিজোৰামৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আইজলত পালন কৰে 2021 চনৰ বিশ্ব কলা দিৱস ৷
আইজলত প্ৰথমবাৰৰ বাবে বিশ্ব কলা দিৱস পালন - Lalhmingmawii
আইজলত পালন কৰা হয় প্ৰথমবাৰৰ বাবে বিশ্ব কলা দিৱস ২০২১ ৷ মিজোৰামৰ ভানাপা হলত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয এই অনুষ্ঠান ৷
আইজলত প্ৰথমবাৰৰ বাবে বিশ্ব ক‘লা দিৱস পালন
আৰ্ট নভেল্টি আৰু ৱালেছ হাৰ্টলি বঁটা প্ৰাপক তথা আইএএৰ সমন্বয়ক শ্ৰীমতী লালহমিংমাৱিয়ে মিজোৰাম চৰকাৰৰ তথ্য আৰু জনসম্পৰ্ক বিভাগ, মিজোৰাম চৰকাৰৰ কলা আৰু সংস্কৃতি বিভাগৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰে । অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট শিল্পীসকল । অনুষ্ঠানত সন্ধিয়া ভাগলৈ এটা বিশেষ কলা কৰ্মশালা অনুষ্ঠিত কৰা হয় য'ত নিৰ্বাচিত শিল্পীসকলেহে অংশগ্ৰহণ কৰে ৷