নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ:ভাৰতৰ বিশিষ্ট মহিলা অধিকাৰ কৰ্মী,কবি তথা লেখিকা কমলা ভাছিনৰ (Kamla Bhasin) শনিবাৰে মৃত্যু হয় । ৭৫ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট মহিলাগৰাকীৰ । দেশৰ অন্যতম প্ৰভাৱশালী সমাজকৰ্মী কবিতা শ্ৰীবাস্তৱে (Kavita Srivastava) টুইটাৰযোগে জনোৱা মতে, বিশিষ্ট মহিলাগৰাকীয়ে পুৱা প্ৰায় ৩ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে ।
ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশসমূহত মহিলা আন্দোলনত ভাছিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । সমাজকৰ্মী কবিতা শ্ৰীবাস্তৱে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মহিলা আন্দোলনৰ বাবে বৃহৎ ক্ষতি হ'ব বুলি উল্লেখ কৰে । শ্ৰীবাস্তৱৰ মতে জীৱনত কঠোৰ প্ৰত্যাহ্বান আহিলেও হাঁহি ধেমালিৰে সকলো সময় অতিবাহিত কৰিছিল কমলা ভাছিনে ।