নিউজ ডেস্ক,8 মাৰ্চ:আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ এই দিৱস উপলক্ষে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত মহিলা কৰ্মচাৰীসকলক ছুটি প্ৰদান কৰিছে তেলেংগানা চৰকাৰে ৷ দেওবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই বিষয়ে ঘোষণা কৰা হয় ৷ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে মুখ্য সচিব সৌমেশ কুমাৰক তৎকালীনভাৱে এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে ৷
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহিলা কৰ্মচাৰীক ছুটি প্ৰদান - আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে মহিলা কৰ্মচাৰীক ছুটি প্ৰদান তেলেংগানা চৰকাৰৰ
আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ এই দিৱস উপলক্ষে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত মহিলা কৰ্মচাৰীসকলক ছুটি প্ৰদান কৰিছে তেলেংগানা চৰকাৰে ৷
আন্তৰ্জাতিক নাৰী দিৱস
তদুপৰি প্ৰেছ বিবৃতিত মহিলাসকলে সকলো ক্ষেত্ৰত পুৰুষৰ সৈতে প্ৰতিদ্বন্দিতা কৰি আছে বুলি উল্লেখ কৰে ৷ তেলেংগানা চৰকাৰে ৰাজ্যখনৰ মহিলাসকলক উন্নয়ন আৰু প্ৰগতিৰ পথত লৈ যাবলৈ বিভিন্ন ধৰণৰ আঁচনিৰ লগতে বহু পদক্ষেপ গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৷