নেশ্যনেল ডেস্ক,২২ এপ্ৰিল : দেশৰ ভিতৰতে মাওবাদী পীড়িত ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে ছত্তীশগড় । ইতিমধ্যে মাওবাদীৰ বিৰুদ্ধে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । এইবাৰ মাওবাদী বিৰোধী অভিযানত মহিলাসকলকো জড়িত কৰাৰ এক প্ৰচেষ্টা লৈছে চৰকাৰে । তাৰ অংশস্বৰূপে ৰাজ্যিক আৰক্ষীৰ এটা নতুন প্লাটুন গঠন কৰা হৈছে । যাৰ নাম হৈছে 'বস্তাৰ ফাইটাৰ্ছ' (Bastar Fighters)।
যুৱতীসকলক সংস্থাপন দিয়াৰ লগতে মাওবাদী বিৰোধী অভিযানৰ অংশ হৈ দেশ সেৱাৰ সুবিধা প্ৰদানৰ বাবে এই পদক্ষেপ লোৱা হৈছে । ইতিমধ্যে ৰাজনন্দগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি প্ৰায় ২৮০ গৰাকী যুৱতীয়ে বস্তাৰ ফাইটাৰ্ছত যোগদান কৰিছে (280 women joins Bastar Fighters)। শুকুৰবাৰে সেই উপলক্ষে এক সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হয় য'ত আৰক্ষী মহাপৰিদৰ্শক অ'পি পালৰ লগতে আন বিষয়াসকলো উপস্থিত থাকে ।
সংবাদ মাধ্যমৰ সন্মুখত আইজি অ'পি পালে কয় যে এই মহিলা বস্তাৰ ফাইটাৰ্ছসকলে ইমান উদ্যমেৰে তেওঁলোকৰ ৰাজ্যৰ জনসাধাৰণৰ বাবে কিবা কৰাৰ বাবে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু আবেগ প্ৰদৰ্শন কৰিছে । স্থানীয় যুৱক-যুৱতীসকলৰ যোগদানে ৰাজ্যখনৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা উন্নত কৰাত সহায় কৰিব বুলিও তেওঁ আশাবাদী । ইয়াৰ ফলত মানুহক আৰক্ষীৰ ওপৰত বিশ্বাস বৃদ্ধি কৰাতো সহায় কৰিব ।