অসম

assam

ETV Bharat / bharat

এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি - ৰাইফল অ’মেন

ভাৰতীয় সেনাই স্থানীয় বাসিন্দা আৰু নিৰাপত্তা বাহিনীৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাৰ বিভিন্ন চেকপইণ্টত অসম ৰাইফলছৰ (Assam Rifles) মহিলা সৈনিক মোতায়েন কৰিছে । মহিলা যাত্ৰীসকলৰ নিয়মীয়া তালাচি বা পৰীক্ষা কৰাৰ বাবে তেওঁলোকক গান্দেৰবালৰ ম'বাইল ভেহিকেল চেক পোষ্টত (MVCP) নিয়োজিত কৰা হৈছে ।

Women soldiers deployed in JK Ganderbal
জম্মু-কাশ্মীৰত পুৰষ সেনা জোৱানে নহয় মহিলা সেনা জোৱানে নিয়ন্ত্ৰণ কৰিব পৰিস্থিতি

By

Published : Jul 3, 2021, 4:59 PM IST

Updated : Jul 3, 2021, 10:03 PM IST

নেশ্যনেল ডেস্ক, 3 জুলাই :বিগত 2020 বৰ্ষত নিচাজাতীয় সামগ্ৰী আৰু অবৈধ অস্ত্ৰৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰণ কৰাৰ বাবে কুপৱাৰাত নিৰাপত্তা বাহিনীৰ মহিলা (Women soldiers deployed) সেনা জোৱান মোতায়েন কৰা হৈছেলি ৷ তাৰ পাচতে এতিয়া অঞ্চলটোত ভাৰতীয় সেনাই স্থানীয় বাসিন্দা আৰু নিৰাপত্তা বাহিনীৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাৰ বিভিন্ন চেকপইণ্টত অসম ৰাইফলছৰ (Assam Rifles) মহিলা সৈনিক মোতায়েন কৰিছে । উল্লেখযোগ্য যে, মহিলা যাত্ৰীসকলৰ নিয়মীয়া তালাচী বা পৰীক্ষা কৰাৰ বাবে তেওঁলোকক গান্দেৰবালৰ ম'বাইল ভেহিকেল চেক পোষ্টত (Mobile Vehicle Check Post) নিয়োজিত কৰা হৈছে ।

এই সমগ্ৰ বিষয়টোৰ সৰ্ন্দভত ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি জ্যোৎস্না নামৰ এগৰাকী অসম ৰাইফলছ (Assam Rifles)ৰ মহিলাই জোৱানে কয়, "আমাৰ মুখ্য কাম হৈছে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত স্থানীয় মহিলাসকলক যাতে হাৰাশাস্তি কৰা নহয় সেয়া নিশ্চিত কৰা । সেই সময়তে স্থানীয় মহিলা সকলে যাতে আমাৰ সৈতে সুবিধাজনক বা নিৰাপত্তা অনুভৱ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া । লগতে যিকোনো অভিযানৰ সময়ত তেওঁলোকক আমি সুৰক্ষিত কৰি ৰখাটো আমাক ইয়াত মোতায়েন কৰাৰ এটা গুৰুত্বপূৰ্ণ অংশ ৷"

এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি

একেদৰে মহিলা অসম ৰাইফলছৰ জোৱানগৰাকীয়ে কয় যে, স্থানীয় মহিলাসকলক তেওঁলোকে অনুপ্ৰাণিত কৰিব বিচাৰে যাতে তেওঁলোকেও সেনাত যোগদান কৰে । আন এগৰাকী অসম ৰাইফলছ মহিলা জোৱানে কয় যে, তেওঁলোকৰ মুখ্য কাম হৈছে সন্ত্ৰাসবাদ বিৰোধী অভিযানত অংশগ্ৰহণ কৰা আৰু পুৰুষ সেনা জোৱান সকলৰ সৈতে সমভাবে অভিযানত অংশগ্ৰহণ কৰি সমন্বয় ৰক্ষা কৰা ৷

অসম ৰাইফলছ (Assam Rifles)ৰ মহিলা জোৱান সকলে আকৌ সদৰি কৰে যে, "আমাৰ কাম হৈছে আমাৰ বেটেলিয়নৰ দ্বাৰা চলোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত অংশগ্ৰহণ কৰা । মহিলাসকলৰ সৈতে যোগাযোগ কৰাটো আমাৰ দায়িত্ব, আনকি তেওঁলোক উগ্ৰপন্থী কাৰ্যকলাপৰ সৈতে জড়িত থাকিলেও তেওঁলোকক বিশ্বাসত লোৱা । অসম ৰাইফলছ (Assam Rifles) ৰ মহিলা জোৱান গৰাকীয়ে কয় যে, তেওঁলোকক স্থানীয় মহিলাসকলৰ ওচৰলৈ যাবলৈ আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে ৷ লাগিলে স্থানীয় মহিলাসকলে যিকোনো প্ৰকাৰৰে সন্ত্ৰাসবাদক সমথৰ্ন নকৰক কিয় ৷

উল্লেখযোগ্য যে, 34 অসম ৰাইফলছৰ (34 Assam Rifles) কমাণ্ডিং অফিচাৰ কৰ্ণেল আৰ এছ কাৰাকোটিয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, ২০২০ চনৰ আগষ্টত উগ্ৰপন্থীসকলে নাৰ্কো আৰু অস্ত্ৰ চোৰাং ব্যৱসায়ৰ বাবে মহিলা সকলক ব্যৱহাৰ কৰাৰ কথা চোৰাংচোৱা প্ৰতিবেদনত তথ্য লাভ কৰাৰ পাচতে অসম ৰাইফলছ (Assam Rifles)ৰ মহিলা জোৱানসকলক প্ৰথমবাৰৰ বাবে কুপৱাৰা জিলাত নিয়োজিত কৰা হৈছিল।

তেওঁ কয় যে, অসম ৰাইফলছ (Assam Rifles)ৰ মহিলা সেনা জোৱান সকলৰ প্ৰাথমিক কাম হৈছে ৰাষ্ট্ৰীয় ঘাইপথত মহিলাসকলৰ নিয়মীয়াকৈ তালাচী বা পৰীক্ষা কৰাত পুৰুষ সেনা জোৱান সকলক সহায় কৰা । যাৰ ফলত অসম ৰাইফলছ (Assam Rifles)ৰ মহিলা গোটে সীমান্ত অঞ্চলত অবৈধভাৱে অনুপ্ৰৱেশ ৰোধ কৰা বা প্ৰতিৰোধ কৰাত সহায় কৰিব । একেদৰে উক্ত অঞ্চলসমূহত মহিলা নিৰাপত্তা কৰ্মী নিয়োজিত কৰিলে স্থানীয় মহিলাসকৰ আত্মবিশ্বাস জয় কৰিবলৈ সক্ষম হ’ব ৷ যাৰফলত মহিলা সেনা জোৱান সকলে যি কোনো সংকটৰ সময়ত যি কোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সক্ষম হ’ব ৷

লগতে পঢ়কঃ১০ মিটাৰ দৈৰ্ঘ্যৰ short span দলঙে কেনেদৰে সহায় কৰিব ভাৰতক !

Last Updated : Jul 3, 2021, 10:03 PM IST

ABOUT THE AUTHOR

...view details