অসম

assam

ETV Bharat / bharat

Kharge attacks BJP : 'নাৰী সংৰক্ষণৰ নামত বিজেপিৰ ভেঁকোভাওনা'-খাৰ্গে - Kharge slams BJP

ছত্তীশগড়ত এক ৰাজহুৱা সভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ । নাৰী সংৰক্ষণ বিধেয়কৰ নামত ৰাইজক প্ৰৱঞ্চনা কৰিছে বিজেপিয়ে ।

Kharge attacks BJP
নাৰী সংৰক্ষণৰ নামত বিজেপিৰ ভেঁকোভাওনা

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 4:41 PM IST

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ :বিজেপি চৰকাৰক পুনৰ আক্ৰমণ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ । নাৰী সংৰক্ষণ বিধেয়ককে ধৰি বিজেপি চৰকাৰৰ বিভিন্ন পদক্ষেপক লৈ ক্ষোভিত কংগ্ৰেছ নেতাগৰাকী । খাৰ্গেৰ মতে কেন্দ্ৰই শ্ৰমিক, কৃষকসকলৰ আইন দুৰ্বল কৰি তুলিছে । বিজেপিয়ে কেৱল ধনী শ্ৰেণীৰ লোকক লাভান্বিত কৰিবলৈ হে কাম কৰি আছে বুলি তেওঁ অভিযোগ কৰে । খাৰ্গেয়ে নাৰী সংৰক্ষণ বিধেয়কক প্ৰধানমন্ত্ৰী মোদীৰ ভেঁকোভাওনা বুলি বৰ্ণনা কৰিছে । কংগ্ৰেছ নেতাগৰাকীয়ে মোডী চৰকাৰৰ বিৰুদ্ধে আন কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে নাৰীৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নতুন নহয় । ৰাজীৱ গান্ধীয়ে সংশোধন আনি পঞ্চায়তত মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল । ৰাজীৱ গান্ধীয়ে ইতিমধ্যে এই কামটো কৰি থৈছে । যেতিয়া কংগ্ৰেছে নাৰী সংৰক্ষণ বিধেয়ক আনিছিল, বিজেপিয়ে ইয়াৰ বিৰোধিতা কৰিছিল বুলি তেওঁ অভিযোগ কৰে । খাৰ্গেৰ মতে আজি বিজেপিয়ে কৃতিত্ব লৈছে । কিন্তু যেতিয়া লোকপিয়ল সম্পন্ন হ'ব সীমা নিৰ্ধাৰণ হ'ব অৰ্থাৎ ২০৩৪ চনত হে ইয়াক কাৰ্যকৰী কৰা হ'ব বুলি তেওঁ অভিযোগ কৰে । তেওঁৰ মতে মোদীয়ে আজি নাৰীসকলৰ সংৰক্ষণৰ ব্যৱস্থা কৰা নাই ।

খাৰ্গে লগতে কয় যে যদি বিজেপিৰ ইচ্ছা থাকে তেন্তে তেওঁলোকে এতিয়াই সংৰক্ষণ দিব পাৰিলেহেঁতেন । কিন্তু তেওঁলোকে কেৱল মানুহক ক'ব হে পাৰে বুলি তেওঁ কয় । মানুহক কেৱল বিপথে পৰিচালিত কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

খাৰ্গেৰ মতে কেন্দ্ৰত থকা মোদী চৰকাৰ ভেঁকোভাওনাৰ চৰকাৰ । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতি বছৰে কৃষকসকলক ২ কোটি টকা দিয়াৰ কথা কৈছিল । বিজেপিয়ে কৃষকসকলক দুগুণ উপাৰ্জনৰ ব্যৱস্থা কৰি দিয়াৰ কথা আছিল কিন্তু এতিয়ালৈকে একোৱে কৰা হোৱা নাই বুলি খাৰ্গেয়ে অভিযোগ কৰে ।

যিসকলে দৰিদ্ৰক সহায় কৰে তেওঁলোকক সদায় স্মৰণ কৰা হয় । ইতিহাস অনুসৰি যিসকলে দৰিদ্ৰলোকৰ বাবে যুঁজ দিয়ে তেওঁলোকেহে সন্মান লাভ কৰে । যিসকলে দৰিদ্ৰৰ সৈতে প্ৰতাৰণা কৰে তেওঁলোকক ইতিহাসে ক্ষমা নকৰে বুলিও কয় খাৰ্গেয়ে । তেওঁৰ মতে দেশত দৰিদ্ৰ আৰু ধনী শ্ৰেণীৰ মাজৰ ব্যৱধান বাঢ়ি গৈ আছে ।

লগতে পঢ়ক :Rajasthan Assembly Polls 2023 : ৰাজস্থানৰ নিৰ্বাচনৰ বাবে শেষ নিশাৰ বৈঠক; বিজেপিৰ ব্যাপক নিৰ্বাচনী ৰণনীতি

ABOUT THE AUTHOR

...view details