নেশ্যনেল ডেস্ক, ২৬ জুলাই:তিনি কৃষি আইন বিৰোধী শ্ল'গানেৰে বৃহস্পতিবাৰৰ পৰা পুনৰ যন্তৰ মন্তৰ উত্তাল কৰি তুলিছে প্ৰতিবাদী কৃষকে । দিনৰ 11 বজাৰ পৰা আবেলি 5 বজালৈ প্ৰায় 200 গৰাকী কৃষকে কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ পৰিৱৰ্তে চলিত বৰ্ষৰ 26 জানুৱাৰীত লালকিল্লাত ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ কথা মনত ৰাখি দিল্লী আৰক্ষীয়ে এইবাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । সোমবাৰে তিনিখন কৃষি আইনৰ বিৰুদ্ধে এক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যন্তৰ মন্তৰ অভিমুখে ৰাওনা হোৱাৰ সময়ত মহিলা প্ৰতিবাদকাৰীসকলে কয় যে, সকলো মহিলাই স্বাধীনভাৱে কিষাণ আন্দোলন চলাব ।
লগতে পঢ়ক:কৃষি আইনৰ বিৰোধিতাৰে ট্ৰেক্টৰ চলাই সদনত উপস্থিত ৰাহুল গান্ধী
মহিলা প্ৰতিবাদকাৰীসকলে জনায় যে তেওঁলোকে সৰ্ব-মহিলা স্বতন্ত্ৰ 'কিষাণ সংসদ' চলাব । এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে কয়, "প্ৰথমবাৰৰ বাবে মহিলাসকলে স্বাধীনভাৱে সংসদ ('কিষাণ সংসদ') চলাব ।" সংসদৰ দ্বাৰা গৃহীত তিনি নতুন কৃষি আইনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে সাংসদসকলে কৃষি, শিক্ষা আৰু শ্ৰম আইন সম্পৰ্কীয় ক'লা আইন গৃহীত কৰিছে বুলি মন্তব্য কৰিছে ৷ প্ৰতিবাদকাৰীসকলে লগতে এইবুলি কয় যে, "আমাৰ তেজ আৰু ঘাম আপোনাৰ অপচয় হোৱাৰ বাবে নহয় , বৰঞ্চ ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে, আমি এই আইন গ্ৰহন নকৰো আৰু সংসদৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি যাম ৷"