নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : আৰু এদিন পিছত শক্তিৰ আৰাধ্যা দেৱী দুৰ্গা পূজা (Durga Puja 2022) । লগতে আৰম্ভ হৈছে নৱৰাত্ৰি (Navaratri) । কিন্তু নাৰী শক্তিৰ ৰূপত এফালে য'ত নৱৰাত্ৰিত মা দুৰ্গাক উপাসনা কৰা হৈছে, সমগ্ৰ দেশৰ মন্দিৰসমূহত মহিলাসকলে মা দুৰ্গাৰ শ্ৰীচৰণত পূজা-পাঠ কৰি আছে, একে সময়তে ঝাৰখণ্ডৰ বোকাৰো জিলাত এটা মন্দিৰ আছে য'ত মহিলাৰ প্ৰৱেশ নিষিদ্ধ (Women prohibited entering Mangla Chandi Temple) । ইয়াত মহিলাসকলে প্ৰাৰ্থনা কৰিবলৈ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে ।
মা মঙ্গলা চান্দি মন্দিৰ বোকাৰো মূল চহৰৰ পৰা 40 কিলোমিটাৰ দূৰৈত কাচমাৰ খণ্ডত অৱস্থিত । ইয়াত মহিলাসকলে মন্দিৰৰ পৰা প্ৰায় ১০০ আৰু ৫০০ মিটাৰ দূৰত্বত উপাসনা কৰে । আনকি দেৱীৰ চৰণত প্ৰসাদ আগবঢ়াবলৈ হ'লে মন্দিৰৰ পুৰোহিতক দূৰৈৰ পৰাই দিব লাগে । কেৱল প্ৰৱেশেই নহয়, মহিলাসকলে ইয়াত যি বলি দিয়া হয় সেই প্ৰসাদো খাব নোৱাৰে । অৱশ্যে যি ফল-লাড়ু আগবঢ়োৱা হয় সেয়া খাব পাৰে । মহিলা ভক্তসকলে কোৱা মতে, উক্ত মন্দিৰটোলৈ বিহাৰ, বংগ আৰু ঝাৰখণ্ডৰ দূৰ দূৰণিৰ পৰা ভক্তসকল আহে ।