অসম

assam

ETV Bharat / bharat

হিমাচলত মহিলাৰ অভিনৱ প্ৰতিবাদ - হিমাচলত মহিলাৰ অভিনৱ প্ৰতিবাদ

দেশত পুনৰ আৰম্ভ চিপকো আন্দোলন । ডেৰাডুনত এটা পথ নিৰ্মাণৰ নামত গছ কটা কাৰ্যক বিৰোধীতা কৰি আৰু গছবোৰৰ সংৰক্ষণৰ বাবে মহিলাসকলে আৰম্ভ কৰিলে এই আন্দোলনৰ । গছবোৰক ৰক্ষা কৰিবলৈ মহিলাসকলে সাৱটি ধৰিলে গছবোৰক ।

হিমাচলত মহিলাৰ অভিনৱ প্ৰতিবাদ
হিমাচলত মহিলাৰ অভিনৱ প্ৰতিবাদ

By

Published : Mar 17, 2021, 2:05 PM IST

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ:হিমাচলতপ্ৰকৃতি সংৰক্ষণৰ বাবে এইবাৰ ওলাই আহিছে শ শ মহিলা । ৰাজপথ নিৰ্মাণৰ নামত গছ-গছনি কটা কাৰ্যক বিৰোধীতা কৰি ডেৰাডুনৰ কামেদি দেৱী, ৰংথৰা, মাজগাঁও, চৌনালা আদি অঞ্চলৰ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এইবাৰ চিপকো আন্দোলন আৰম্ভ কৰিলে জাখনী অঞ্চলৰ মহিলাসকলেও । মহিলাসকলে বৃহৎ আকাৰৰ ওক আদিৰ দৰে গছবোৰক সাৱটি লোৱা দেখিবলৈ পোৱা গৈছে ।

হিমাচলত মহিলাৰ অভিনৱ প্ৰতিবাদ

জাখনী গাঁৱৰ গাঁওবুঢ়া কমলা মেহতাৰ নেতৃত্বত মহিলাসকলে এনেদৰে প্ৰকৃতি সংৰক্ষণৰ বাবে ওলাই আহিছে । সমান্তৰালকৈ এক সজাগতামূলক সভাও আয়োজন কৰা হয় য'ত গছৰ সংৰক্ষণৰ প্ৰতিশ্ৰুতি লোৱা হয় । ইয়াৰ পিছতে সকলো মহিলাই গছক সাৱটি ধৰি নিজৰ সন্তানৰ দৰে ৰক্ষা কৰাৰ প্ৰতিজ্ঞা কৰে । তেওঁলোকৰ মতে চৌনালা গাঁৱলৈ পূৰ্বৰে পৰা এটা পথ আছে কিন্তু ইয়াৰ পিছতো পুনৰ ৰংগথৰা পথটো নিৰ্মাণ কৰি থকা হৈছে । এই পথৰ নিৰ্মাণৰ সময়তে তেওঁলোকে বছৰ বছৰ ধৰি সংৰক্ষণ কৰি থকা গছবোৰ কাটি পেলোৱা হৈছে । সেয়ে প্ৰকৃতি ধ্বংস কৰি হোৱা উন্নয়নৰ বিৰোধীতা কৰি যাব বুলি উল্লেখ কৰে মহিলাসকলে ।

আন বিকল্প পথ থকাৰ পিছতো এনেদৰে অতিৰিক্ত পথ নিৰ্মাণ কৰাত এতিয়া ক্ষোভিত হৈছে মহিলাসকল । তেওঁলোকে বন বিভাগৰ বিৰুদ্ধেও বিভিন্ন ধৰণৰ অভিযোগ তোলে । মহিলাসকলৰ মতে গছবোৰ কাটি পেলালে তেওঁলোকে পানীৰ লগতে বিভিন্ন সমস্যাত ভূগিব লাগিব । মুঠতে যিকোনো প্ৰকাৰে গছবোৰ কাটিবলৈ নিদিয়ে মহিলাসকলে ।

লগতে পঢ়ক:ভাৰতীয়ক বঞ্চিত কৰি বিদেশলৈ প্ৰেৰণ কৰা নাই প্ৰতিষেধক: কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details