অসম

assam

ETV Bharat / bharat

women's reservation Bill: মহিলা সবলীকৰণ বিজেপিৰ কৰ্ম সংস্কৃতি : অমিত শ্বাহ - মহিলা সবলীকৰণৰ ওপৰত অমিত শ্বাহৰ মন্তব্য

সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বিশেষ অধিৱেশন ৷ এই অধিৱেশনৰ তৃতীয় দিনা অৰ্থাৎ বুধবাৰে মহিলা সংৰক্ষণ বিধেয়কৰ খচৰা সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । মহিলা সবলীকৰণ বহু দলৰ বাবে ৰাজনৈতিক বিষয় হ’ব পাৰে, কিন্তু বিজেপিৰ বাবে নহয় । এয়া বিজেপিৰ কৰ্ম সংস্কৃতি বুলিহে উল্লেখ কৰে শ্বাহে ।

Amit Shah on women empowerment
womens reservation Bill

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 7:31 AM IST

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : ‘‘মহিলা সবলীকৰণ বিজেপিৰ বাবে ৰাজনৈতিক বিষয় নহয়, বৰঞ্চ ইয়াৰ কৰ্ম সংস্কৃতিৰ অন্তৰ্নিহিত ধাৰণা আছিল ।’’ বুধবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়কৰ খচৰা সন্দৰ্ভত বিতৰ্ক হৈ থকাৰ সময়ত এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱ দিয়া বিধেয়কখন বুধবাৰে নিম্ন সদনত নিৰ্মম সংখ্যাগৰিষ্ঠতাৰে গৃহীত হয় ।

নিম্ন সদনৰ ৪৫৪ জন সদস্যই মহিলা সংৰক্ষণৰ খচৰা আইনখনৰ পক্ষত ভোটদান কৰাৰ বিপৰীতে ২ জন সদস্যই বিধেয়কখন গৃহীত হোৱা প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে । শ্বাহে কয় যে মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হ’লে দেশত “মহিলা নেতৃত্বাধীন উন্নয়ন”ৰ নতুন পৰ্যায়ৰ সূচনা হ’ব ।

বছৰ বছৰ ধৰি বিচাৰাধীন হৈ থকা নীতি নিৰ্ধাৰণত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰিব এই বিধেয়কখনে । মহিলা সবলীকৰণ বহু দলৰ বাবে ৰাজনৈতিক বিষয় হ’ব পাৰে, কিন্তু বিজেপিৰ বাবে নহয় । এয়া বিজেপিৰ কৰ্ম সংস্কৃতি বুলিহে উল্লেখ কৰে শ্বাহে ।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই চৰকাৰ গঠন হোৱাৰ পিচৰে পৰা নিৰাপত্তা, মৰ্যাদা আৰু মহিলাৰ অংশগ্ৰহণ চৰকাৰৰ কেন্দ্ৰবিন্দু ক্ষেত্ৰ হৈ আহিছে । দেশত মহিলা সৱলীকৰণৰ উদাহৰণ হিচাপে ‘জন ধন’ একাউণ্টৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে একাউণ্ট হিতাধিকাৰীৰ ৭০ শতাংশই মহিলা ।

তেওঁ কয়, “গোটেই দেশতে ১১ কোটি ৭২ লাখ শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল ৷ যিটো পদক্ষেপে মহিলাসকলৰ সবলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়িছিল’’ । শ্বাহে নিম্ন সদনক অৱগত কৰে যে ৮৫ জন সাংসদ আৰু ২৯ জন মন্ত্ৰী OBC শ্ৰেণীৰ অন্তৰ্গত । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও OBC শ্ৰেণীৰ অন্তৰ্গত ।

কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে গৃহীত প্ৰস্তাৱৰ উত্তৰ সদনত ৰখাৰ পিচত সংবিধান (১২৮ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৩ গৃহীত হয় । ৪৫৪ জন সদস্যই এই আইনখনৰ সপক্ষে আৰু দুজনে বিৰুদ্ধে ভোটদান কৰাৰ বাবে এই বিধেয়কখন সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰা হয় । খচৰা আইনখনৰ ব্যক্তিগত দফাসমূহৰ ওপৰতো ভোটদান কৰা হয় ।

অৱশেষত নিম্ন সদনত বিধেয়কখন গৃহীত হোৱাৰ কথা ঘোষণা কৰে অধ্যক্ষ ওম বিৰলাই । মঙলবাৰে নতুন সংসদ ভৱনলৈ স্থানান্তৰিত হোৱাৰ পিচত লোকসভাৰ দ্বাৰা গৃহীত হোৱা প্ৰথমখন বিধেয়ক আছিল ‘নাৰী শক্তি বন্দন অধিনিয়ম’। সদনৰ মুঠ সদস্যৰ সংখ্যাগৰিষ্ঠতা আৰু সদনৰ দুই তৃতীয়াংশতকৈ অধিক “উপস্থিত আৰু ভোটদান”ৰ সংখ্যাগৰিষ্ঠতাৰে বিধেয়কখন গৃহীত হয় । স্লীপ বিতৰণৰ জৰিয়তে এই ভোট সম্পন্ন কৰা হৈছিল ।

মেঘৱালে কয় যে খচৰা বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ‘ইতিহাস’ সৃষ্টি হ’ল । বিধেয়কখনৰ বিধানসমূহ কাৰ্যকৰী কৰাত পলম হোৱাৰ বাবে বিৰোধীৰ সমালোচনাক নাকচ কৰি মেঘৱালে কয় যে এই খচৰা আইনখনে স্বচ্ছতা নিশ্চিত কৰে । কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ উদ্যোগত দিনজোৰা বিতৰ্কৰ অন্তত বিধেয়কখন গৃহীত হয় ।

বিতৰ্কত হস্তক্ষেপ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীৰ এই বিতৰ্ক নাকচ কৰি কয় যে বিধেয়কখনে যথাযথ পদ্ধতি অনুসৰণ কৰিব আৰু সংৰক্ষিত হ’বলগীয়া আসনসমূহ সীমা নিৰ্ধাৰণ আয়োগে সিদ্ধান্ত ল’ব । সংবিধান (১২৮ সংশোধনী) বিধেয়ক, ২০২৩ বৃহস্পতিবাৰে ৰাজ্যসভাই গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বে ২০১০ চনত, কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দিনত ৰাজ্যসভাই মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল । কিন্তু লোকসভাত ইয়াক গ্ৰহণ কৰা নহ’ল আৰু পৰৱৰ্তী সময়ত নিম্ন সদনত লেপচ হৈ গ’ল । মঙলবাৰে চৰকাৰে মহিলা কোটা বিধেয়ক উত্থাপন কৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰে ‘‘নাৰী শক্তি বন্দন অধিনিয়ম’’ অনাৰ উদ্দেশ্য ঘোষণা কৰে । সংসদৰ চলি থকা বিশেষ অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হয় আৰু ই শুকুৰবাৰলৈকে চলিব ।

লগতে পঢ়ক :FIR against Himanta: মুখ্যমন্ত্রীৰ বিৰুদ্ধে এজাহাৰ দাখিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

ABOUT THE AUTHOR

...view details