আগৰতলা, 7 জুন :সমাগত ত্ৰিপুৰা উপ-নিৰ্বাচন ৷ নাৰী সবলীকৰণৰ লক্ষ্য আগত লৈ (TMC on women empowerment) ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছে এইবাৰ দুগৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰে ৷ সোমবাৰে ত্ৰিপুৰা তৃণমূল কংগ্ৰেছ সভাপতি সুবল ভৌমিকে বনমালিপুৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি টাউন বৰদোৱালীত মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া (TMC's justification to replace candiate ) প্ৰকাশ কৰে ৷
ভৌমিকে প্ৰাৰ্থী সংহিতা বেনাৰ্জীৰ নাম ঘোষণা কৰি কয় যে, আমি সুৰমা আৰু জুবাৰাজনগৰৰ বাবে দুজন যুৱ প্ৰাৰ্থী আৰু আগৰতলা আৰু টাউন বৰদোৱালীৰ বাবে দুগৰাকী মহিলা প্ৰাৰ্থী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো । আমি এই নিৰ্বাচনত জয়ী হোৱাটো নিশ্চিত ৷ আমাৰ প্ৰাৰ্থীসকল উচ্চ শিক্ষিত আৰু মাটিৰ মানুহ ।
লগতে ভৌমিকে বিৰোধী দলক উদ্দেশ্যি কয়, ‘‘মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ নেতৃত্বত আমি ৰাজ্যখনত বিজেপি চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দি আছো’’ ।