নেশ্যনেল ডেস্ক,২০ জুলাই : মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে বুধবাৰৰ পৰা ভাইৰেল হৈ পৰিছে এটা ভয়ংকৰ ভিডিঅ'। মানৱ সমাজক লজ্জানত কৰা ভিডিঅ'টোত দুগৰাকী কুকি মহিলাক উলংগ কৰি একাংশ লোকে সমদল কৰা দেখা গৈছে । এই ভিডিঅ'টো পুনৰ এবাৰ দেশবাসীক হতাশ কৰি তুলিছে । মণিপুৰৰ লগতে কেন্দ্ৰত থকা বিজেপি চৰকাৰক তীব্ৰ সমালোচনাও কৰিছে বিৰোধীয়ে । এই ঘটনাই সমগ্ৰ উত্তৰ পূবকে বিশ্ববাসীৰ মাজত কলংকিত কৰি তুলিছে ।
এনে এক ভিডিঅ' ভাইৰেল হোৱাত বাধা দিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে । চৰকাৰে টুইটাৰ লগতে সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহক উক্ত ভিডিঅ'টো ডিলিট কৰিবলৈ অনুৰোধ জনাইছে । চৰকাৰে এক বিবৃতিত প্ৰকাশ কৰা মতে যিহেতু বিষয়টো তদন্তৰ আওতাত আছে সেয়ে উক্ত ভিডিঅ'টো তেওঁলোকৰ প্লেটফৰ্মৰ পৰা ডিলিট কৰিবলৈ চৰকাৰে টুইটাৰ আৰু আন আন সামাজিক মাধ্যমৰ প্লেটফৰ্মবোৰক আহ্বান জনাইছে । ইফালে বহুলভাৱে প্ৰচাৰিত ভিডিঅ'টোৰ বাবে মণিপুৰত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জনোৱা মতে ৪ মে'ৰ ভিডিঅ'টোৰ ভিত্তিত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে আৰু ঘটনাৰ মূল অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । ঘটনাটোত জড়িত লোকসকলৰ চৰম শাস্তি প্ৰদানৰ বাবেও চৰকাৰে পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছে । ইফালে কংগ্ৰেছে বৃহস্পতিবাৰে কেন্দ্ৰৰ নিষ্ক্ৰিয়তাক লৈ প্ৰশ্ন উত্থাপন কৰে । কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে ।