অসম

assam

By

Published : Jan 2, 2023, 6:35 PM IST

ETV Bharat / bharat

Woman throws her newborn: চিকিৎসালয়ৰ তৃতীয় মহলাৰ পৰা নৱজাতকক দলিয়ালে মাতৃয়ে

গুজৰাটৰ আহমেদাবাদ জিলাৰ শ্বাহিবাগত নৱজাতকক চিকিৎসালয়ৰ তৃতীয় মহলাৰ পৰা দলিয়াই দিলে মাতৃয়ে (Woman throws her newborn at Ahmedabad)। ইতিমদ্ধে এই সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ । চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষীসকলে চিচিটিভি ফুটেজ নিৰীক্ষণ কৰি মহিলাগৰাকীয়ে শিশুটিক দলিয়াই দিয়াটো ধৰা পেলাইছে ।

Woman throws her newborn at Ahmedabad
সন্তানক দলিয়ালে মাতৃয়ে

নেশ্য়নেল ডেস্ক , ২ জানুৱাৰী:সভ্য সমাজক জোঁকাৰি যোৱা এক হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল গুজৰাটত । এগৰাকী মাতৃয়ে নৱজাতকক চিকিৎসালয়ৰ তৃতীয় মহলাৰ পৰা দলিয়াই দিয়াৰ ঘটনা সংঘটিত হৈছে আহমেদাবাদ জিলাৰ শ্বাহিবাগত (case registered against woman for killing newborn at Shahibagh)। স্বাভাৱিকতে এই ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

ঘটনাৰ বিৱৰণি অনুসৰি দেওবাৰে গুজৰাটৰ আহমেদাবাদ জিলাৰ শ্বাহিবাগ আৰক্ষী থানাত এগৰাকী মহিলাৰ বিৰুদ্ধে নৱজাতকক হত্যা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে (Shahibagh police station in Ahmedabad)। অভিযুক্ত মহিলাগৰাকী হৈছে ফাৰজানা বানু । নৱজাতকটি পেটৰ ৰোগত আক্ৰান্ত আছিল । এই ৰোগাক্ৰান্ত শিশুটিৰ পৰা পৰিত্ৰাণ পাবলৈ অভিযুক্ত মহিলাগৰাকীয়ে তেওঁৰ সন্তানক আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ তৃতীয় মহলাৰ পৰা দলিয়াই দিয়ে । ফলত তাৎক্ষণাত শিশুটিৰ মৃত্যু হয় ।

উল্লেখ্য় যে, অভিযুক্ত ফাৰজানা বানুৱে দুমাহ পূৰ্বে এটি কন্যা সন্তান জন্ম দিয়ে । জন্মৰ মাত্ৰ ২৪ দিন পিছতেই শিশুটি অসুস্থ হৈ পৰে । সেয়েহে শিশুটিক বডোদৰাৰ এছএছজি হাস্পতাললৈ চিকিৎসাৰ বাবে নিয়া হয় (SSG Of Vadodara)। বডোদৰাৰ এছএছজি হাস্পতালৰ চিকিৎসকে শিশুটিক পৰীক্ষা কৰি অপৰিষ্কাৰ পানী সেৱনৰ ফলত শিশুটি অসুস্থ হোৱা বুলি মহলাগৰাকীক কয় । পিছত শিশুটিক নাদিয়াদ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Nadiad Civil Hospital)। শিশুটিৰ অৱস্থা জটিল হোৱা বাবে অৱশেষত আহমেদাবাদ অসামৰিক চিকিৎসালয়লৈ পুনৰ স্থানান্তৰ কৰা হয় ।

যেতিয়া শিশুটো আহমেদাবাদ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিযুক্ত মহিলাগৰাকী দেওবাৰে পুৱা ৱাৰ্ডৰ C3 লবীলৈ যায় (Ahmedabad Civil Hospital)। ইয়াৰ পিছতেই তেওঁ কোনোৱে নেদেখাকৈ শিশুটোক চিকিৎসালয়ৰ তৃতীয় মহলাৰ পৰা দলিয়াই দিয়ে । ফলত শিশুটোৰ তৎক্ষণাৎ মৃত্যু হয় ।

তাৰ পিছত তেওঁ সেই ঠাইৰ পৰা স্বামী শুই থকা স্থানলৈ ঘূৰি আহে । ফাৰজানা বানুৱে তেতিয়া তেওঁৰ স্বামী আচিফ মিয়ানক শিশুটো সন্ধানহীন হোৱা বুলি কয় । অৱশ্য়ে পত্নীৰ কথাত আচিফ ভোল নগৈ এই সন্দৰ্ভত সতৰ্ক হৈ তেওঁৰ সন্তানৰ অৱস্থান সম্পৰ্কে অনুসন্ধান চলায় । ইয়াৰ পিছত তেওঁ চিকিৎসালয়ত নিযুক্ত নিৰাপত্তাৰক্ষীসকলকো সতৰ্ক কৰি দিয়ে । তাৰ পিছত নিৰাপত্তাৰক্ষীসকলে ৱাৰ্ডৰ C3 লবীত স্থাপন কৰা চিচিটিভি কেমেৰাটো পৰীক্ষা কৰে । চিচিটিভিত মহিলাগৰাকীয়ে শিশুটো দলিয়াই দিয়াটো স্পষ্টকৈ ধৰা পৰে ।

লগতে পঢ়ক:Grenade hurled at CRPF vehicle: চিআৰপিএফৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গ্ৰেণেড নিক্ষেপ

ABOUT THE AUTHOR

...view details