নেশ্য়নেল ডেস্ক,২২জানুৱাৰী: ৰাজস্থানত অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই এই বিষয়টোক কেন্দ্ৰ কৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছে (Woman thrashed at minister residence in Rajasthan)। এই ভিডিঅ'টোত ৰাজ্য়খনৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী মমতা ভূপেশৰ কৰ্মচাৰীসকলে এগৰাকী মহিলাক অভিযোগ দাখিল কৰিবলৈ যোৱাৰ সময়তেই তেওঁৰ বাসগৃহৰ পৰা বাহিৰলৈ ঠেলি পঠিয়াওৱাৰ দৃশ্য় স্পষ্ট হৈ পৰিছে । মন্ত্ৰী মমতা ভূপেশৰ কৰ্মচাৰীৰ এই ঘটনাটোৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতেই বিৰোধীসকল সৰৱ হৈ পৰিছে (Minister Mamta Bhupest video viral)। বিৰোধীসকলে মন্ত্ৰী মমতা ভূপেশৰ কৰ্মচাৰীসকলৰ দুৰ্ব্যৱহাৰৰ ঘটনাক তীব্ৰ গৰিহণা দিছে ।
ভাইৰেল হোৱা ভিডিঅ'টো মন্ত্ৰী মমতা ভূপেশৰ জয়পুৰৰ চৰকাৰী বাসগৃহৰ বুলি স্পষ্ট হৈ পৰিছে (Video Viral of minister of Rajasthan)। ঘটনাৰ বিৱৰণি অনুসৰি মন্ত্ৰী মমতা ভূপেশৰ জয়পুৰৰ চৰকাৰী বাসগৃহত অভিযোগ লৈ উপস্থিত হোৱা এগৰাকী মহিলাক বাহিৰলৈ ঠেলি দিয়া হৈছে । এই ভিডিঅ'টোত,অভিযোগকাৰীক কোৱা শুনা গৈছে 'মোৰ সৈতে যি ঘটিব মই কৰিম'। ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী মমতা ভূপেশেও কয়," আপুনি যি কৰিব লাগিব সেয়া কৰক।"এই বুলি কৈয়েই মন্ত্ৰীগৰাকীয়ে তেওঁৰ বাসগৃহৰ ভিতৰলৈ যায় । ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীৰ কৰ্মচাৰীয়ে মহিলাগৰাকীক বাসগৃহৰ পৰা বাহিৰলৈ ঠেলি পঠিয়াই । এই ভিডিঅ'টো তিনি দিন পুৰণি বুলি উল্লেখ কৰা হৈছে । ভুক্তভোগীগৰাকী মন্ত্ৰীগৰাকীৰ সমষ্টিৰ আৰু তেওঁ শিক্ষা বিভাগলৈ বদলিৰ বাবে আবেদন কৰিবলৈ তেওঁক লগ কৰিবলৈ আহিছিল ।
বিজেপিয়ে ছ'চিয়েল মিডিয়াত মহিলাগৰাকীৰ সৈতে হোৱা অশালীন ব্য়ৱহাৰৰ এই ভিডিঅ'টো সন্দৰ্ভত টুইট কৰি কয় যে ৰাজ্য়খনত অহংকাৰী কংগ্ৰেছৰ ক্ষমতাত থকাৰ দিন উকলিবলৈ আৰু বেছি দিন নাই (BJP target Congress on viral video)। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতেও ছ'চিয়েল মিডিয়াত ভিডিঅ'টো পোষ্ট কৰি লিখিছে যে গেহলট চৰকাৰৰ মন্ত্ৰী মমতা ভূপেশৰ ওচৰলৈ আবেদন লৈ অহা এগৰাকী মহিলাক তেওঁৰ কন্য়াৰ সন্মুখত ঠেলি দিয়া হৈছিল । এই লোকসকলে দৰিদ্ৰলোকৰ কন্যাসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে । এই চিন্তাধাৰাৰ বাবে ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ সংখ্য়া বৃদ্ধি পাইছে ।