নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ :আমাৰ চৌপাশে নিতৌ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ থাকে ৷ তাৰে কিছু ঘটনাই আমাক আমোদ দিয়ে, আন কিছু ঘটনাই শোক বিহ্বল কৰে আৰু কেতবোৰ ঘটনা আছে যিয়ে আমাক আতংকিত কৰে ৷ ইয়াৰ লগতে কিছুমান ঘটনাই আমাৰ মনত চাঞ্চল্যৰো সৃষ্টি কৰে (Sensational incident) ৷
মাকৰ ঘৰলৈ যাবলৈ নাপাই এগৰাকী যি কাণ্ড সংঘটিত কৰিলে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব ৷ বৰ্ণনা অনুসৰি, উক্ত দিনা আমি কৈ থকা মহিলাগৰাকীৰ মাকৰ ঘৰত বনাইছিল মাংস ৷ মাকৰ ঘৰত মাংস বনোৱাৰ কথা শুনি লোভৰ পানী পৰিছিল মহিলাগৰাকীৰ ৷ তাৰ পাচতেই মহিলাগৰাকীয়ে মাকৰ ঘৰলৈ যাবলৈ অনুমতি বিচাৰি স্বামীক ফোন কৰিছিল ৷
কিন্তু মহিলাগৰাকীৰ স্বামীয়ে মাকৰ ঘৰলৈ যাবলৈ বাধা প্ৰদান কৰে ৷
তাৰ বিপৰীতে মহিলাগৰাকীৰ স্বামীয়ে ঘৰতে মাংস বনাই খোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ মহিলাগৰাকীয়ে স্বামীয়ে দিয়া প্ৰতিশ্ৰুতিত পতিয়ন নগৈ ঘৰৰ সকলোৰে লগত বাক-বিতণ্ডাত লিপ্ত হয় ৷ আনকি খঙৰ ভমকত একো নাই হৈ মহিলাগৰাকীয়ে নকৰিব লগীয়া এক কাণ্ড সংঘটিত কৰে (Woman Takes Revenge) ৷
মাকৰ ঘৰত মাংস খাবলৈ নাপাই মহিলাগৰাকীয়ে ছিঙি পেলালে শহুৰেকৰ অণ্ডকোষ (Woman tears off father in laws testicles) ৷ তাৰ পাচতে সৃষ্টি হয় আন এক হুলস্থূলীয়া পৰিৱেশৰ ৷ আনকি স্থানীয় ৰাইজে অভিযুক্ত মহিলাগৰাকীক আটক কৰিবলৈ চেষ্টা কৰে ৷ কিন্তু চেগ বুজি অভিযুক্ত মহিলাগৰাকীয়ে সেই স্থানৰ পৰা পলায়ন কৰি মাকৰ ঘৰলৈ গুচি যায় ৷