নেশ্য়নেল ডেস্ক, ১০ এপ্ৰিল: দিল্লীৰ সময়পুৰ বদলী অঞ্চলত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । চুবুৰীয়াই উচ্চ স্বৰত সংগীত বজোৱাত আপত্তি দৰ্শোৱাৰ পিচতেই কোনো কথাৰ অৱতৰণা নকৰাকৈয়ে এগৰাকী ৩০ বছৰীয়া গৰ্ভৱতী মহিলাক গুলীওৱাৰ ঘটনাই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে (Murder in Samaypur Badli of Delhi)। চুবুৰীয়াৰ গুলীত আহত মহিলাগৰাকীক পিচত চিকিৎসাত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতেই তেওঁৰ মৃত্যু হয় ।
দেওবাৰে দিল্লী আৰক্ষীয়ে এই ঘটনাটোৰ বিষয়ে সদৰী কৰিছে । ইতিমধ্য়ে এই সন্দৰ্ভত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দিল্লী আৰক্ষীৰ সূত্ৰত প্ৰকাশ (Delhi police arrest murder accused)। আৰক্ষীয়ে উল্লেখ কৰা মতে,নিহত মহিলাগৰাকী আঠ মাহৰ গৰ্ভৱতী আছিল ।
এই ঘটনাটোৰ বিষয়ে উল্লেখ কৰি আৰক্ষীয়ে কয়,"যোৱা 3 এপ্ৰিলৰ পুৱা সময়পুৰ বদলী আৰক্ষী থানাত এগৰাকী মহিলাক তেওঁৰ চুবুৰীয়াই গুলীয়াইছিল বুলি অভিযোগ কৰে । তেওঁ চুবুৰীয়াক ডিজে বন্ধ কৰিবলৈ কোৱাৰ পিচতেই ঘটনাটো সংঘটিত হয় । ইতিমধ্য়ে অভিযুক্তজনক হৰিশ বুলি চিনাক্ত কৰা হৈছে ।"