অসম

assam

ETV Bharat / bharat

Woman seeks bail of jailed husband : কাৰাবন্দী স্বামীৰে সম্পৰ্ক স্থাপনৰ ইচ্ছা, আদালতৰ দ্বাৰস্থ পত্নী - Woman seeks bail from MP HC of jailed husband

সন্তান সুখ বিচাৰিছে এগৰাকী মহিলাই । যাৰবাবে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বামীৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ ইচ্ছা প্ৰকাশ পত্নীৰ । এই সন্দৰ্ভত আদালতত আবেদনো জনাইছে মহিলাগৰাকীয়ে । মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ আদালতৰ ।

Woman seeks bail of jailed husband
কাৰাবন্দী স্বামীৰে সম্পৰ্ক স্থাপনৰ ইচ্ছা, আদালতৰ দ্বাৰস্থ মহিলা

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:19 PM IST

নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ :মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত এগৰাকী মহিলাৰ গুৰুত্বপূৰ্ণ আবেদন । খাণ্ডৱাৰ ৪০ বছৰীয়া মহিলাই মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত ইন্দোৰ কাৰাগাৰত বন্দী হৈ থকা তেওঁৰ স্বামীৰ সৈতে সম্পৰ্ক স্থাপন কৰি সন্তান জন্ম দিয়াৰ অনুমতি বিচাৰি আবেদনখন দাখিল কৰিছে । কিয়নো তেওঁ স্বামী যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ আছে । যাৰ বাবে স্বামী ইন্দোৰ কাৰাগাৰত আছে । কিন্তু মহিলাগৰাকীয়ে মাতৃ হ'ব বিচাৰে । সেয়ে স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ অনুমতি বিচাৰি মহিলাগৰাকীয়ে আবেদন কৰিছে ।

মহিলাগৰাকীৰ হৈ উপস্থিত থকা অধিবক্তা বসন্ত ডানিয়েলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিবেক আগৰৱালাৰ আদালতত যুক্তি দিছে যে ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি, প্ৰতিজন ব্যক্তিৰে সন্তানৰ সুখ লাভ কৰাৰ অধিকাৰ আছে আৰু তেওঁ তেওঁৰ বংশ বৃদ্ধি কৰিব পাৰে । কিন্তু মহিলাগৰাকীৰ স্বামীক ভাৰতীয় দণ্ডবিধিৰ ৩৫১ আৰু ৩০২ ধাৰাৰ অধীনত যাৱজীৱন কাৰাদণ্ড দিয়া হৈছে ।

এনে পৰিস্থিতিত তেওঁৰ বাবে কাৰাগাৰৰ পৰা ওলাই অহাটো সম্ভৱ নহয়, সেয়েহে মহিলাগৰাকীৰ সন্তানৰ সুখ লাভ কৰাৰ অধিকাৰ কাঢ়ি লোৱা হৈছে । সেয়েহে অনুচ্ছেদ ২১ৰ অধীনত তেওঁক স্বামীৰ সৈতে সম্পৰ্ক স্থাপন কৰি সন্তানৰ সুখ লাভ কৰাৰ সুযোগ দিয়া উচিত বুলি অধিবক্তাই দাবী কৰে ।

অৱশ্যে, চৰকাৰৰ হৈ উপস্থিত থকা অধিবক্তা সন্তোষ কাথাৰে কয় যে আবেদনকাৰীক এই ক্ষেত্ৰত ৰেহাই দিব নোৱাৰি কিয়নো আবেদনকাৰী মহিলাগৰাকী বৃদ্ধ হৈছে আৰু তেওঁ গৰ্ভধাৰণ কৰিব নোৱাৰে ।

অৱশ্যে ন্যায়াধীশ বিবেক আগৰৱালে বিষয়টো শুনাৰ পাছত মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিছে । আদালতে লগতে নিৰ্দেশ দিছে যে মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা সুভাষ চন্দ্ৰ বসু চিকিৎসা মহাবিদ্যালয় জবলপুৰৰ ৫ জনীয়া চিকিৎসকৰ এটা দলে কৰিব লাগে । চিকিৎসা মহাবিদ্যালয়ৰ দলটোত তিনিগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ, এগৰাকী ফিজিঅ'থেৰাপিষ্ট আৰু এগৰাকী এণ্ডোক্ৰিনোলজিষ্ট অন্তৰ্ভুক্ত থাকিব লাগিব । চিকিৎসকসকলৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব । আবেদনটোৰ পৰৱৰ্তী শুনানি ২২ নৱেম্বৰত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Cash for query allegation against Mahua Moitra : আজি পুনৰ লোকসভাৰ নৈতিকতা সমিতিৰ বৈঠক, প্ৰতিবেদন গ্ৰহণৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details