অসম

assam

ETV Bharat / bharat

ওড়িশাত এগৰাকী মহিলা মাওবাদীৰ আত্নসমৰ্পণ - মালকাংগিৰি আৰক্ষী অধীক্ষক

ওড়িশাৰ মালকাংগিৰি আৰক্ষী অধীক্ষক ঋষিকেষ খিলাৰী আৰু সীমান্ত নিৰাপত্তা বাহিনীৰ হাতত আত্মসমৰ্পণ আল্ট্ৰা লাচ্চি খাৰা ওৰফে গীতা নামৰ এগৰাকী মহিলা মাওবাদীৰ ৷ লাচ্চিয়ে এবছৰ পূৰ্বে চিপিআই (মাওবাদী) সংগঠনটোত যোগদান কৰিছিল ৷

Woman Maoist surrenders before police in Odisha
ওড়িশাত এগৰাকী মহিলা মাওবাদীৰ আত্নসমৰ্পণ

By

Published : Jan 25, 2021, 10:02 AM IST

নেশ্যনেল ডেস্ক,25 জানুৱাৰী :দেওবাৰে এগৰাকী মহিলা মাওবাদীয়ে ওড়িশাৰ মালকাংগিৰি আৰক্ষী অধীক্ষক ঋষিকেষ খিলাৰী আৰু সীমান্ত নিৰাপত্তা বাহিনীৰ হাতত আত্মসমৰ্পণ কৰে। মহিলা মাওবাদী গৰাকী হৈছে আল্ট্ৰা লাচ্চি খাৰা ওৰফে গীতা ৷ গীতা ওড়িশা সীমান্তৰ বিশেষ জোনাল সমিতিৰ (এওবিএছজেডচি) এজন সক্ৰিয় সদস্যা আছিল । ওড়িশাৰ চৱীমালা অঞ্চলৰ মুকুদিপালীৰ বাসিন্দা লাচ্চি এবছৰ পূৰ্বে নিষিদ্ধ চিপিআই (মাওবাদী) সংগঠনত যোগদান কৰিছিল ৷ ইয়াৰ পূৰ্বেও লাচ্চিয়ে দুবছৰ ধৰি আন এটা মাওবাদী দলৰ সক্ৰিয় সদস্যা হিচাপে কাম কৰি আছিল।

প্ৰাপ্ত খবৰ অনুসৰি,লাচ্চি গুমা এল.ও.এছ.ৰ সদস্যা আছিল আৰু এবছৰ পূৰ্বে এই মাওবাদী সংগঠনত যোগদান কৰিছিল । কিন্তু লাচ্চাই অতি শীঘ্ৰে এই সংগঠনৰ পৰাও অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছিল ৷ এই মাওবাদী সংগঠনটোত মহিলা কেডাৰ সকলক দলৰ জ্যেষ্ঠ সদস্য সকলে উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন কৰি এই সিদ্ধান্ত লোৱা হৈছিল বুলি জানিব পৰা গৈছে ৷ জ্যেষ্ঠ সকলৰ কথা নামানিলে পৰিয়ালৰ লোকক হত্যাৰ ভাবুকিও দিয়া হৈছিল বুলি ওড়িশাৰ মালকাংগিৰি আৰক্ষী অধীক্ষক ঋষিকেষ খিলাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

অন্য এক খবৰৰ বাবে: মধ্যমালিৰ দুটাকৈ সেনা চাওনিত আক্ৰমণ:নিহত ছয়জনকৈ মালিয়ান সেনা

ঋষিকেষ খিলাৰীয়ে প্ৰকাশ কৰা অনুসৰি,অন্য কেডাৰ সকলেও আত্মসমৰ্পণ কৰিবলৈ চেষ্টা কৰি আছে,কিন্তু জ্যেষ্ঠ সদস্য সকলে তেওঁলোকৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দি সংগঠনটোত ৰাখিছে ৷ আমি তেওঁলোকক হিংসাৰ পথ এৰি স্বাভিমান অঞ্চলৰ শান্তিপূৰ্ণ বিকাশৰ বাবে মূলধাৰাত যোগদান কৰিবলৈ আবেদন জনাইছো বুলি আৰক্ষী অধিক্ষক গৰাকীয়ে উল্লেখ কৰে ৷

মাওবাদী সংগঠনত লাচ্চিৰ জীৱন সন্দৰ্ভে কৰা এক প্ৰশ্নত লাচ্চীয়ে কয়,মহিলা কেডাৰ সকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা হয় ৷ মই দল এৰি যোৱাৰ কথা ভাবিছিলো, কিন্তু মোৰ মনত ভয় আছিল যে তেওঁলোকে মোৰ পৰিয়ালৰ সদস্যক হত্যা কৰিব পাৰে ৷

অন্য এক খবৰৰ বাবে: কেমেৰাত বন্দী ঢেকীয়াপটীয়া বাঘৰ দৃশ্য

ABOUT THE AUTHOR

...view details