অসম

assam

ETV Bharat / bharat

woman suicide along with baby: প্ৰথমে স্বামীৰ আত্মহত্যা, তাৰ পিছতেই সন্তানসহ মহিলাৰ আত্মহত্যা

প্ৰথমতে বিহপান পৰি স্বামীৰ আত্মহত্যা, তাৰ কিছু ঘণ্টাৰ পিছতেই সন্তানসহ মহিলাই আত্মহত্যা কৰাৰ এক দুখজনক খবৰ পোহৰলৈ আহিছে (woman suicide along with baby) ৷

woman suicide along with baby: প্ৰথমে স্বামীৰ আত্মহত্যা, তাৰ পিছতেই সন্তানসহ মহিলাৰ আত্মহত্যা
Woman kills baby, ends life after husband dies in Karnataka

By

Published : Oct 22, 2022, 8:33 PM IST

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: এখন কাজিয়াই অমানিশা নমাই আনিলে এটি পৰিয়াললৈ ৷ পাৰিবাৰিক কন্দৰ পৰিনতিতে নিমিষতে শেষ হৈ গ’ল এখন সুখৰ ঘৰ, সুখৰ সংসাৰ ৷ প্ৰথমতে বিহপান কৰি স্বামীৰ আত্মহত্যা, তাৰ কিছু ঘণ্টাৰ পিছতেই সন্তানসহ পত্নীগৰাকীয়ে আত্মহত্যা কৰাৰ এক দুখজনক খবৰ পোহৰলৈ আহিছে (woman suicide along with baby) ৷ এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকৰ বেলগাভি জিলাত (Karnataka Suicide Case) ৷

ঘটনা অনুসৰি বেলগাভি তালুকৰ ভাণ্টামুৰী গাঁৱৰ বাসিন্দা হোলেপ্পা মাৰুথি মস্তি (২৫)য়ে তেওঁৰ পত্নী আৰু দুই সন্তানৰ সৈতে বাস কৰিছিল ৷ বৃহস্পতিবাৰে সন্ধিয়া স্বামী স্ত্ৰীৰ মাজত ঘৰুৱা কথাক লৈ কাজিয়াৰ সৃষ্টি হয় ৷ এই কাজিয়াত খঙত অগ্নিশৰ্মা হৈ স্বামীয়ে বিহ আনি নিজে পান কৰাৰ লগতে পৰিয়ালটোকো বিহপান কৰাই মাৰি পেলাম বুলি পত্নীক ভাবুকি দি ঘৰৰ পৰা ওলাই যায় ৷

তাৰ কিছু সময়ৰ পিছতে স্বামীয়ে বিহ আনি খাদ্যৰ লগত মিলাই পান কৰে ৷ শুকুৰবাৰে পুৱা স্বামীৰ অৱস্থা বিষম দেখি পত্নীয়ে ততাতৈয়াকৈ তেওঁক নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰে ৷

কিন্তু হাস্পতালত নিয়াৰ পূৰ্বেই তেওঁৰ মৃত্যু হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ এই ঘটনাৰ পিছতেই তেওঁলোকৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানসহ মহিলাগৰাকী নিখোজ হৈ আছিল ৷ লগে লগে ঘৰৰ আনসকল লোকে বিচাৰ খোচাৰ কৰাত মহিলাগৰাকীক ঘৰৰ পিছফালে এডাল গছত ফাঁচি লাগি থকা অৱস্থাত উদ্ধাৰ কৰে (Woman rescued strangled ) ৷

পৰিয়ালৰ লোকে মৃত মহিলাগৰাকীক দেখি স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ পিছতেই তেওঁলোকৰ পুত্ৰ সন্তানটোকো গছৰ তলত মৃত অৱস্থাত উদ্ধাৰ কৰে (Woman kills baby)৷ মৃত মহিলাগৰাকী ভাসাথি (২২) বুলি চিনাক্ত কৰা হৈছে ৷

আনহাতে এই ঘটনাত খেলিবলৈ যোৱাৰ বাবে প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ তিনিবছৰীয়া কন্যা সন্তানটি ৷ মহিলাগৰাকীয়ে চৰম পদক্ষেপ ল'বলৈ ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত কন্যা সন্তাটিনক বিচাৰিছিলি যদিও নোপোৱাৰ বাবে তেওঁৰ প্ৰাণ ৰক্ষা পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহকেইটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Illegal liquor seized: মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা

ABOUT THE AUTHOR

...view details