নেশ্যনেল ডেস্ক, 13 আগষ্ট:দেশজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ ইটোৰ পিচত সিটোকৈ নাৰীজনিত অপৰাধৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ ৰাজস্থানৰ যোধপুৰ চহৰৰ শাস্ত্ৰী নগৰ আৰক্ষী থানা এলেকাত দেওবাৰে পুৱা এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হয় ৷ এই ঘটনাৰ খবৰ বিয়পি পোৱাৰ পিচতে ঘটনাস্থলীত মুণ্ডহীন মৃদদেহটো চাবলৈ ভিৰ জমা হয় ৷
স্থানীয় লোকে এই ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷ তাৰ পিচতে আৰক্ষী থানা অঞ্চলৰ 7 নং ধাৰাৰ সমীপৰ ৰে'লপথৰ ওচৰৰ জোপোহাৰ মাজত মৃতদেহটো পৰি থকাৰ খবৰ লাভ কৰি ষ্টেচন বিষয়া যোগিন্দৰ সিং চৌধুৰীৰ তত্বাৱধানত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি মৃতদেহটো দুদিন পুৰণি হ'ব পাৰে ৷ ইয়াৰ ওপৰি মৃতদেহটোৰ মূৰৰ উপৰিও এখন হাতো নিখোজ হৈ আছিল ৷
এই মুহূৰ্তলৈ মহিলাগৰাকীক চিনাক্ত কৰা হোৱা নাই ৷ প্ৰাথমিক তদন্তত মৃতকৰ বয়স 30 ৰ পৰা 35 বছৰ হ’ব লাগে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ এফএছএল অনুসন্ধানৰ পিচত মৃতদেহটো এমডিএম শৱগৃহলৈ প্ৰেৰণ কৰা হ'ব । ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ অহা পশ্চিম প্ৰান্তৰ ডিচিপি গৌৰৱ যাদৱে কয় যে, এই ঘটনাৰ তদন্তৰ বাবে পাঁচটা দল গঠন কৰা হৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে কুকুৰৰ এটা দল লৈও তদন্ত অব্যাহত ৰাখিছে ৷