নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ :বিহাৰৰ বাগাহাত বাঘৰ আক্ৰমণত এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । পিচত মহিলাগৰাকীৰ মৃত্যু হয় । এই ঘটনাৰ পিচতে বন বিভাগৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে স্থানীয় গাঁওবাসী । আনহাতে, ঘটনাৰ তদন্তত ব্যস্ত হৈ পৰিছে আৰক্ষী ।
জানিব পৰা মতে, বাগাহাৰ ৰামনগৰৰ বখৰীৰ বাসিন্দা আছিল মহিলাগৰাকী ৷ পোহনীয়া গৰু চৰাবলৈ তেওঁ অৰণ্যৰ কাষৰ পথাৰলৈ যায় । গৰু চৰায় থাকোঁতেই গোবৰ্ধনা বনাঞ্চলৰ পিডাৰী গাঁৱৰ সমীপত হঠাৎ আহি বাঘে আক্ৰমণ কৰে তেওঁক । এছ এছ বি কেম্পৰ সমীপৰ ছাৰেহত বাঘটোৱে মহিলাগৰাকীক আক্ৰমণ কৰি হাবিৰ ভিতৰলৈ পলাবলৈ বাধ্য কৰোৱায় । ইতিমধ্যে, বন বিভাগৰ দল এই ঘটনাৰ তদন্তত ব্যস্ত হৈ পৰিছে ৷ আনহাতে, বিভাগটোৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে গাঁওবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।
মহিলাগৰাকীক বখৰীৰ বাসিন্দা চিলহোৰিয়া দেৱী বুলি চিনাক্ত কৰা হৈছে । দেওবাৰে আবেলি তেওঁ এছ.এছ.বি. কেম্প মাণ্ডিহাৰ পৰা 100 মিটাৰ উত্তৰে থকা অৰণ্যৰ ওচৰৰ এখন পথাৰত গৰু চৰাবলৈ লৈ গৈছিল । প্ৰত্যক্ষদৰ্শীৰ মতে, ঠিক সময়তে বাঘটোৱে কৰবাৰ পৰা আহি মহিলাগৰাকীক অৰণ্যলৈ টানি লৈ যায় । পিচত চাৰিৰ পৰা পাঁচ ঘণ্টা ধৰি চলি থকা অনুসন্ধানৰ পিছত, মহিলাগৰাকীৰ মৃতদেহ অৰণ্যৰ ভিতৰৰ পৰা উলিয়াই অনা হয় ।