অসম

assam

ETV Bharat / bharat

ডাৱৰ বিস্ফোৰণত মহিলাৰ মৃত্যু, খহি পৰিল 30 টাকৈ বাসগৃহ - ডাৱৰ বিস্ফোৰণত মহিলাৰ মৃত্যু

উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত শুকুৰবাৰে নিশা ভাৰত আৰু নেপাল সীমান্তৰ সমীপৰে বৈ অহা লাস্কো নদীত সংঘটিত হয় ডাৱৰ বিস্ফোৰণ ৷ এই ডাৱৰ বিস্ফোৰণত ধাৰচুলা খণ্ডৰ খোটিলা খণ্ডৰ এখন গাঁৱত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে 30 টাকৈ বাসগৃহ খহি পৰে (30 houses collapse in Pithoragarh cloudburst)৷

30 houses collapse in Pithoragarh cloudburst
30 houses collapse in Pithoragarh cloudburst

By

Published : Sep 10, 2022, 8:48 PM IST

নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ:শুকুৰবাৰে নিশা উত্তৰাখণ্ডত সংঘটিত হয় ভয়াবহ ডাৱৰ বিস্ফোৰণৰ ঘটনা (Cloudburst in Uttarakhand) ৷ উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত ভাৰত আৰু নেপাল সীমান্তৰ সমীপৰে বৈ অহা লাস্কো নদীত সংঘটিত হয় এই ডাৱৰ বিস্ফোৰণটো ৷ বিস্ফোৰণত ধাৰচুলা জিলাৰ অন্তৰ্গত খোটিলা খণ্ডৰ এখন গাঁৱত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে 30 টাকৈ বাসগৃহ খহি পৰে (30 houses collapse in Pithoragarh cloudburst)৷

ঘটনা সন্দৰ্ভত জিলা দণ্ডাধীশ (ডিএম) আশিষ চৌহানে কয় যে ধাৰচুলাৰ কালী নদীত হোৱা বানৰ ফলত ধাৰচুলা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত যথেষ্ট ক্ষতিসাধন হৈছে ৷ এই বানত বহুতো বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে নদীৰ তীব্ৰ প্ৰবাহৰ বাবে এটা অট্টালিকাও খহি পৰিছিল ৷

ইতিমধ্যে ধ্বংসস্তূপৰ তলত কেইবাখনো দোকান আৰু বাহনো পোত গৈছে ৷ ইফালে এনডিআৰএফ আৰু এছডিআৰএফৰ দলক ঘটনাস্থলীত সাহায্যৰ কামত নিয়োজিত কৰা হৈছে ৷ তেওঁলোকে ক্ষতিগ্ৰস্ত লোকসকলক পাৰ্যমানে সাহায্য আগবঢ়াইছে ৷

ইয়াৰ পূৰ্বে যোৱা ২০ আগষ্টত ডেৰাডুনতো একেধৰণৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷ ডাৱৰ বিস্ফোৰণৰ পাছত সমগ্ৰ অঞ্চলটো জলমগ্ন হোৱাৰ লগতে বিভিন্ন পথৰো যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত হৈছিল ৷

লগতে পঢ়ক:গণেশ মূৰ্তি বিসৰ্জনৰ সময়ত মহাৰাষ্ট্ৰত ১৯ জন নিহত

ABOUT THE AUTHOR

...view details