অসম

assam

By

Published : Aug 18, 2022, 6:42 PM IST

ETV Bharat / bharat

ধানবাদত তান্ত্ৰিকৰ প্ৰৰোচনাত মহিলাৰ আত্মহত্যা, তদন্ত আৰম্ভ

মৃতকৰ ৮ বছৰীয়া পুত্ৰ আনন্দ চৌহানে কয় যে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁৰ মাতৃয়ে ভিডিঅ' কলত এজন তান্ত্ৰিক বাবাৰ সৈতে কথা পাতি আছিল (mother talking to Tantrik Baba on video call) । তেতিয়া তেওঁ আন এটা কোঠাত আছিল । কিন্তু যেতিয়া আনন্দে হঠাতে মাকৰ কোঠাত প্ৰৱেশ কৰে তেওঁ মাকক ওলমি থকা দেখি হতবাক হৈ পৰে আৰু জোৰেৰে চিঞৰিবলৈ আৰম্ভ কৰে ।

Dhanbad suicide case
Dhanbad suicide case

নিউজ ডেস্ক, ১৮ আগষ্ট :বুধবাৰে নিশা ঝাৰখণ্ডৰ ধানবাদ (woman suicided at Dhanbad in Jharkhand over superstious) জিলাৰ নিৰ্চা আৰক্ষী থানা অঞ্চলৰ বিদ্যাসাগৰ কলনীত অন্ধবিশ্বাসৰ বলি হৈ এগৰাকী ২৭ বছৰীয়া মহিলাই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে (woman allegedly committed suicide over superstitious belief) । মৃত মহিলাগৰাকীক সংগীতা দেৱী বুলি চিনাক্ত কৰা হৈছে । তেওঁ পুত্ৰৰ সৈতে স্থানীয় এলেকাটোত চাহিন শৰ্মাৰ বাসগৃহত এটা ভাড়াঘৰত বাস কৰি আছিল । তেওঁক যোৱানিশা এটা কোঠাত চিপ লৈ থকা অৱস্থাত পোৱা গৈছিল । মৃতকৰ স্বামী ৰাজু কুমাৰ চৌহান আইটিবিপিত (ITBP) কৰ্মৰত আৰু বৰ্তমান তেওঁ উত্তৰাখণ্ডত নিযুক্তি লাভ কৰিছে ।

আনহাতে, উক্ত খবৰ লাভ কৰাৰ পিছত স্থানীয় আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে (police reached the spot and started investigation) । মৃতকৰ ৮ বছৰীয়া পুত্ৰ আনন্দ চৌহানে জনোৱা মতে, নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁৰ মাতৃয়ে আন এটা কোঠাত ভিডিঅ' কলত এজন তান্ত্ৰিক বাবাৰ সৈতে কথা পাতি আছিল । যেতিয়া আনন্দে হঠাতে মাকৰ কোঠাত প্ৰৱেশ কৰে তেতিয়া তেওঁ মাকক চিপ লৈ ওলমি থকা দেখি হতবাক হৈ পৰে আৰু জোৰেৰে চিঞৰিবলৈ ধৰে (Woman committed suicide at instigation of tantrik in Dhanbad) ।

ইফালে শিশুটিৰ চিঞৰ শুনি ওচৰত বাস কৰা আন ভাৰাতীয়া আৰু ঘৰৰ মালিক দৌৰি আহি দেখে যে সংগীতা চিপ লৈ ওলমি আছে । ঘৰৰ মালিক আৰু অন্যান্য ভাৰাতীয়াসকলে লগে লগে মৃতকৰ পৰিয়ালৰ সদস্যসকলক এই বিষয়ে অৱগত কৰায় । তাৰ পিছত মৃতকৰ আত্মীয়সকল ঘটনাস্থলীত উপস্থিত হৈ খৰখেদাকৈ তেওঁক তললৈ নামি আনে যদিও তেতিয়ালৈকে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল । পিছত আৰক্ষীয়ে তান্ত্ৰিকজনৰ ঘৰলৈ যায় যদিও তেওঁ ইতিমধ্যে নিৰুদ্দেশ হয় (police went to Tantrik house but found missing) ।

আনহাতে, মৃতকৰ মোবাইল ফোনটো জব্দ কৰাৰ পিছত (confiscating mobile of deceased) আৰক্ষীয়ে কয়, "অচিনাক্ত তান্ত্ৰিক আৰু মৃতকৰ মাজত প্ৰকৃততে কি ঘটিছিল সেয়া জানিবলৈ আমি কলৰ বিৱৰণ উলিয়াম ।" ইফালে মৃতকৰ পৰিয়ালৰ সদস্যসকলে কয় যে মৃত মহিলাগৰাকীয়ে ভিডিঅ' কলত কথা পাতিয়ে আত্মহত্যা কৰিছে (deceased committed suicide talking on a video call) । ইফালে আৰক্ষীয়ে মৃতকৰ মোবাইলটো খুলিবলৈ যথেষ্ট প্ৰচেষ্টা চলাইছিল যদিও মোবাইলটো লক কৰা হৈছিল । সেয়েহে তাক আনলক কৰিবলৈ চাইবাৰ অপৰাধ আৰক্ষীৰ সহায় বিচাৰে (seeking help of cyber crime police) ।

লগতে পঢ়ক :কাৰাগাৰৰ কয়দীক হত্যাত অভিযুক্ত ১৫ জনক মৃত্যুদণ্ডৰ আদেশ ঝাৰখণ্ড আদালতৰ

ABOUT THE AUTHOR

...view details