অসম

assam

ETV Bharat / bharat

নাবালক পুত্ৰক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ এগৰাকী মাতৃ - গ্ৰেপ্তাৰ

কেৰালাৰ থিৰুৱনন্তপুৰমৰ এগৰাকী মহিলাই নাবালক পুত্ৰক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ POCSO আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্ত মহিলা গৰাকীৰ বিৰুদ্ধে ৷

mother sexually assaulting on minor son
পুত্ৰক যৌন নিৰ্যাতন মাতৃৰ

By

Published : Jan 7, 2021, 8:54 AM IST

নেশ্যনেল ডেস্ক, 7 জানুৱাৰী : সাধাৰণতে যৌন নিৰ্যাতন সংক্ৰান্তীয় যিকোনো ঘটনাত আৰক্ষীয়ে প্ৰায়ভাগ সময়তে পুৰুষক গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হয় ৷ কিন্তু এইবাৰ ইয়াৰ এক ওলোটা প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে ৷ নাবালক পুত্ৰক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী মাতৃ ৷ অভিযুক্ত মাতৃ গৰাকীক আদালতত হাজিৰ কৰোৱাৰ পাচত সম্প্ৰতি আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷

কেৰালাৰ থিৰুৱনন্তপুৰমৰ কাডাক্কাৱুৰ নিৱাসী এইগৰাকী মহিলাৰ ওপৰত এই ঘটনাৰ পাচতে POCSO আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

প্ৰথমাৱস্থাত এই অভিযোগটো মহিলা গৰাকী আৰু তেওঁৰ স্বামীৰ মাজৰ পাৰিবাৰিক কন্দল হিচাপে ধৰা হৈছিল ৷ কিন্তু শিশুটিৰ গোপন ৰেকৰ্ডিঙৰ পাচত এইটো এক যৌন নিৰ্যাতন বুলি নিশ্চিতকৰণ কৰা হয় ৷

শিশু কল্যাণ সমিতিয়ে শিশুটিৰ ৰেকৰ্ডিং সংগ্ৰহ কৰাৰ পাচত আৰক্ষীৰ ওচৰত স্পষ্টভাৱে উল্লেখ কৰে যে, শিশুটিৰ মাতৃয়ে বিগত 4 বছৰ ধৰি পুত্ৰৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছে ৷

বিবাহ বিচ্ছেদ হোৱা এই দম্পতীটোৰ মাতৃৰ হাতলৈ আহিছিল পুত্ৰৰ জিম্মা ৷ 2019 চনতে পুত্ৰৰ পৰা আঁতৰি থকা পিতৃয়ে পুত্ৰৰ সৈতে হোৱা নিৰ্যাতনৰ উমান পাই কেৰালালৈ উভতি আহে আৰু শিশু কল্যাণ সমিতিক সকলো কথা অৱগত কৰে ৷

উল্লেখ্য যে, কেৰালাত POCSO আইন উলংঘা কৰি গ্ৰেপ্তাৰ হোৱা এইগৰাকী প্ৰথম মহিলা ৷

লগতে পঢ়ক :ধিঙত দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ যুৱক

ABOUT THE AUTHOR

...view details