নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী:উত্তৰ প্ৰদেশৰ মীৰাটত একক আচৰিত ঘটনা পোহৰলৈ আহিছে (Rape in meerut )৷ দেশত প্ৰতিদিনেই নাৰীজনিত অপৰাধৰ বাতৰিয়ে শিৰোনামা দখল কৰি আহিছে ৷ কিন্তু এগৰাকী মহিলাৰ চতুৰতাই উচিত শাস্তি বিহিলে এটা ধৰ্ষণৰ অভিযুক্তক (Attempt to rape case in Meerut) ৷
অসমীয়াত এষাৰ কথা আছে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব পাৰি ৷ এইগৰাকী মহিলাইও তাকেই কৰি দেখুৱালে ৷ ঘটনাৰ বিৱৰণী অনুসৰি দৌৰালা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা এগৰাকী মহিলাই শনিবাৰে প্ৰতিদিনৰ দৰে নিজ পথাৰত কাম কৰি আছিল ৷ তেনেকুৱাতে তেওঁক পিচপিনৰ পৰা কোনো লোকে গাত হাত দিয়া যেন অনুমান হ’ল ৷ তেওঁ পিচলৈ ঘুৰি চাই মানে মহিলাগৰাকীক এজন যুৱকে আলিংগন কৰি চুম্বন কৰিবলৈ চেষ্টা কৰে ৷ মহিলাগৰাকীয়ে কিংকৰ্তব্যবিমূঢ় হৈ যুৱকজনে চুম্বন কৰি থকাৰ সময়তে তেওঁৰ ওঁঠত কামোৰ মাৰি ধৰিলে ৷ মহিলাগৰাকীয়ে ইমানেই জোৰেৰে কামোৰে যে তেওঁৰ ওঁঠ ছিঙি আহে (woman bites lip in meerut )৷
লগে লগে যুৱকজনে বিষত চিঞৰিবলৈ আৰম্ভ কৰে ৷ যুৱকজনৰ মুখৰ পৰা ধাৰাষাৰে ৰক্তক্ষৰণ হৈছিল ৷ লগে লগে মহিলগাৰীকয়ে চিঞৰ বাখৰ কৰি স্থানীয় লোকক মাতি আনে ৷ তাৰ পিচত তেওঁ যুৱকজনৰ ওঁঠৰ ছিঙা টুকুৰাটো এটা প্লাষ্টিকৰ পেকেটত সুমুৱাই থয় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত লোকসকলে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ সোধা পোছা কৰে ৷ মহিলাগৰাকীয়ে সকলো কথা বিৱৰি কৈ ওঁঠৰ টুকুৰাটো আৰক্ষীক জমা দিয়ে ৷