নিউজ ডেস্ক, 19 অক্টোবৰ :ৰাজস্থানৰ আৰএমজিবি গ্ৰামীণ বেংকত এগৰাকী মহিলাই সাহসেৰে সশস্ত্ৰ দুৰ্বৃত্তৰ মুখামুখি হৈ এক ডাঙৰ ডকাইতি কাণ্ডৰ পৰা বেংকটোক ৰক্ষা কৰে(Bank Loot in Rajasthan) ৷ এই ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত(Rajasthan bank robbery video) ৷ এই দৃশ্য সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে ৰাজস্থানৰ শ্ৰী গংগানগৰৰ বেংক মেনেজাৰ পুনম গুপ্তা ৷ পুনমে যি সাহসেৰে সশস্ত্ৰ দুৰ্বৃত্তৰ মুখামুখি হৈছিল সেয়া সকলোৰে বাবে এক উদাহৰণ(Manager Confronted Robber at Bank) ।
দুৰ্বৃত্তটোৱে হাতত লৈ অহা ছুৰীৰে বাৰে বাৰে ভাবুকি দিয়াৰ পাছতো কিন্তু পুনমে তাৰ বিৰুদ্ধে সাহসেৰে থিয় দিছিল(Female bank official fights miscreants) ৷ যাৰ বাবে দুৰ্বৃত্তটোক আটক কৰিবলৈ সক্ষম হয় বেংকটোৰ কৰ্মচাৰীসকল ৷ এই আঢ়ৈ মিনিটৰ এই সময়চোৱাৰ কথা সুঁৱৰি পুনমে কয় যে যেতিয়া তেওঁ দুৰ্বৃত্তৰ মুখামুখি হৈছিল, তেতিয়া বেংকৰ নিৰাপত্তাৰ বিষয়টোৱে তেওঁৰ মনত বিশেষভাৱে ক্ৰিয়া কৰি আছিল । বেংক হৈছে এক ৰাজহুৱা সম্পত্তি, গতিকে কোনোবাই ইয়াক কেনেকৈ লুটি-কাঢ়ি নিব পাৰে(Woman Bank manager confronts armed robber) ।