অসম

assam

কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত দিল্লীত মহিলা আটক

By

Published : Jun 13, 2021, 9:08 PM IST

দিল্লী আৰক্ষীয়ে এগৰাকী ১৬ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দ্বাৰকা নগৰৰ পৰা এগৰাকী মহিলাক আটক কৰিছে । খবৰ অনুসৰি, মহিলাগৰাকী বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ ঘনিষ্ঠ হোৱাৰ লগতে এটা বেচৰকাৰী সংগঠনৰ কৰ্মী ।

Woman arrested for sexually assaulting minor in Delhi
কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত দিল্লীত আটক মহিলা

নেশ্যনেল ডেস্ক, 13 জুন : পোহৰলৈ আহিছে ৰাজধানী চহৰ দিল্লীৰ এক জঘন্য ঘটনা ৷ এইবাৰ যৌন নিৰ্যাতনকাৰীৰ ৰূপত আটক হৈছে এগৰাকী মহিলা ৷ দিল্লীৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী মহিলা কৰ্মীয়ে দ্বাৰকা চহৰৰ এগৰাকী 16 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ শনিবাৰে কিশোৰী গৰাকীয়ে সমগ্ৰ ঘটনা পিতৃ-মাতৃৰ আগত অৱগত কৰাৰ পাচত দিল্লী আৰক্ষীয়ে মহিলা গৰাকীক আটক কৰে ৷ কিশোৰীগৰাকীৰ সমগ্ৰ ঘটনাৰ ভিডিঅ' বনোৱাৰো অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীৰ বিৰুদ্ধে ৷

দীৰ্ঘদিনৰ পৰা যৌন নিৰ্যাতন চলাই অহা মহিলাগৰাকীয়ে কিশোৰীগৰাকীক হত্যা আৰু সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰাৰো ভাবুকি প্ৰদান কৰি অহাৰ লগতে এই ঘটনাৰ বিষয়ে আনক অৱগত নকৰিবলৈ সতৰ্ক বাণী দি আহিছিল বুলি আৰক্ষীক অৱগত কৰে কিশোৰীগৰাকীয়ে ৷ ইফালে, মহিলাগৰাকী এটা ৰাজনৈতিক দলৰ এগৰাকী সক্ৰিয় কৰ্মী হোৱাৰ লগতে দিল্লীৰ তিলক নগৰ মহিলা মৰ্চাৰ উপ-সভাপতি ৷

উল্লেখ্য যে, আম আদমী পাৰ্টিৰ (আপ) নেতা সঞ্জয় সিং আৰু কংগ্ৰেছ নেতা মহাবল মিশ্ৰৰ সৈতে মহিলাগৰাকীৰ ফটো সামাজিক মাধ্যমত দেখাৰ পাচতে দিল্লী ৰাজ্যিক বিজেপিয়ে দুয়োটা দলকে আক্ৰমণ কৰিছে । সম্প্ৰতি দিল্লী আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকী যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (POSCO Act) ৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:উত্তৰাখণ্ডৰ বিৰোধী দলপতি ইন্দিৰা হৃদয়েশৰ ইহলীলা সম্বৰণ

ABOUT THE AUTHOR

...view details