অসম

assam

মহাৰাষ্ট্ৰৰ মন্ত্ৰী ধনঞ্জয় মুণ্ডেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

By

Published : Jan 13, 2021, 12:39 PM IST

মহাৰাষ্ট্ৰৰ সামাজিক ন্যায় মন্ত্ৰী ধনঞ্জয় মুণ্ডেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ইন্দোৰৰ এগৰাকী মহিলাৰ । যোৱা ১০ জানুৱাৰীত মহিলাগৰাকীয়ে মুম্বাইৰ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰা এখন অভিযোগ পত্ৰ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।

মহাৰাষ্ট্ৰৰ সামাজিক ন্যায় মন্ত্ৰী ধনঞ্জয় মুণ্ডে
মহাৰাষ্ট্ৰৰ সামাজিক ন্যায় মন্ত্ৰী ধনঞ্জয় মুণ্ডে

নেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী: ইন্দোৰৰ এগৰাকী কণ্ঠশিল্পীয়ে মহাৰাষ্ট্ৰৰ সামাজিক ন্যায় মন্ত্ৰী ধনঞ্জয় মুণ্ডেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে । লগতে মুম্বাই আৰক্ষীয়ে কণ্ঠশিল্পীগৰাকীৰ গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰে বুলিও অভিযোগ তুলিছে । ইন্দোৰৰ ৩৭ বছৰীয়া মহিলাগৰাকীয়ে এই সন্দৰ্ভত যোৱা ১০ জানুৱাৰীত এখন পত্ৰ প্ৰেৰণ কৰিছে মুম্বাইৰ আৰক্ষী আয়ুক্তলৈ । এই অভিযোগ পত্ৰখন সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।

মন্ত্ৰী ধনঞ্জয় মুণ্ডেই মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ কথা উল্লেখ কৰা হৈছে আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰখনত । কণ্ঠশিল্পীগৰাকীয়ে অভিযোগ তুলিছে যে, ২০০৬ চনত মন্ত্ৰী ধনঞ্জয় মুণ্ডেই মহিলাগৰাকীক কেইবা বাৰো যৌন নিৰ্যাতন চলাইছিল । লগতে তেওঁ কয় যে, ধৰ্ষণৰ বলি হোৱাৰ পিছত তেওঁ ওশিয়াৰা আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ অমান্তি হয় । মন্ত্ৰী ধনঞ্জয় মুণ্ডেই তেওঁক বলীউডত কাম কৰিবলৈ সুযোগ দিয়াৰ প্ৰলোভন দি শাৰীৰিক নিৰ্যাতন চলাইছিল বুলি অভিযোগ তুলিছে কণ্ঠশিল্পীগৰাকীয়ে ।

আনহাতে, এন চি চি নেতাগৰাকীয়ে এই ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে । তেওঁ কয় যে, অভিযোগকাৰী মহিলাগৰাকীৰ ভগ্নীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল আৰু দুটি সন্তানো আছে । মহিলাগৰাকী আৰু তেওঁৰ ভগ্নীয়ে ষড়যন্ত্ৰমূলকভাৱে এই অভিযোগ উত্থাপন কৰিছে বুলি কয় মন্ত্ৰী ধনঞ্জয় মুণ্ডেই । যি কি নহওক, মন্ত্ৰীগৰাকীয়ে অভিযোগকাৰী মহিলাগৰাকীৰ ভগ্নীৰ সৈতে সম্পৰ্কত থকাৰ কথা স্বীকাৰ কৰে । মঙলবাৰে মুণ্ডেই কয় যে, তেওঁৰ পত্নী, পৰিয়াল, বন্ধু বৰ্গই এই সম্পৰ্কৰ বিষয়ে জানে ।

লগতে সন্তান দুটিকো পৰিয়ালে গ্ৰহণ কৰিছে বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, অভিযোগকাৰী মহিলাগৰাকীৰ ভগ্নীয়ে ২০১৯ চনৰে পৰা তেওঁক ব্লেকমেইল কৰি আছে । এই সন্দৰ্ভত তেওঁ গোচৰ ৰুজু কৰিছিল আৰু মুম্বাই উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল । কিন্তু পুনৰ মহিলাগৰাকীয়ে মুম্বাইৰ আৰক্ষী আয়ুক্তলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:আচাদুদ্দিন ওৱেছি কোনো গড্ ফাদাৰ নহয় : মহম্মদ য়াহা

ABOUT THE AUTHOR

...view details