অসম

assam

ETV Bharat / bharat

Assam girl kidnapped in Haridwar : হৰিদ্বাৰৰ পৰা অসমৰ যুৱতীক অপহৰণ - Woman accuses couple of kidnapping their daughter in Haridwar

গাজিয়াবাদৰ এক দম্পতীয়ে অসমৰ যুৱতীগৰাকীক হৰিদ্বাৰৰ এখন আশ্ৰমৰ পৰা অপহৰণ কৰাৰ অভিযোগ কৰিছে যুৱতীগৰাকীৰ মাতৃয়ে (Ghaziabad couple kidnaps girl from Assam in Haridwar)। কোতৱালী হৰিদ্বাৰ আৰক্ষীয়েও ঘটনা সন্দৰ্ভত ৰুজু কৰিছে গোচৰ । অপহৰণ কৰি যুৱতীগৰাকীক বিক্ৰী কৰাৰ অভিযোগ মাতৃৰ ।

Assam girl kidnapped in Haridwar
হৰিদ্বাৰৰ পৰা অপহৰণ অসমৰ যুৱতী

By

Published : Jul 31, 2022, 1:50 PM IST

নেশ্যনেল ডেস্ক,৩১ জুলাই :উত্তৰাখণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । তীৰ্থনগৰী হৰিদ্বাৰৰ পৰা অপৰহণ অসমৰ যুৱতী (Girl from Assam kidnapped in Haridwar)। যুৱতীগৰাকীৰ মাতৃয়ে অসমৰ জাগীৰোডত ৰুজু কৰিছে গোচৰ । কোতৱালী হৰিদ্বাৰ আৰক্ষীয়েও জিৰ' এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে (Kotwali Haridwar police starts investigation on kidnapping incident)।

উল্লেখ্য যে, অসমত এগৰাকী মহিলাই অপৰহৰণ ঘটনাটো (Haridwar kidnapping case) সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে । কোতৱালী হৰিদ্বাৰ আৰক্ষীয়ে পোৱা তথ্য অনুসৰি মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে যে তেওঁৰ কন্যা হৰিদ্বাৰৰ এখন আশ্ৰমৰ পৰা সন্ধানহীন হৈছে । গাজিয়াবাদৰ এক দম্পতীয়ে তেওঁৰ কন্যাক অপহৰণ কৰা বুলিও এজাহাৰত উল্লেখ কৰিছে (Ghaziabad couple kidnaps girl from Assam in Haridwar)। আনকি যুৱতীগৰাকীক বিক্ৰী কৰি বেয়া কাম কৰিবলৈ বাধ্য কৰোৱা বুলিও যুৱতীগৰাকীৰ মাতৃয়ে অভিযোগ কৰিছে ।

মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে তেওঁ কন্যাক হৰিদ্বাৰৰ গুৰুদেৱ আশ্ৰমৰ গুৰুৰ ওচৰলৈ পঠিয়াইছিল । যোৱা ১ জুনত গাজিয়াবাদৰ ৰাজেশ শুক্লা, পত্নী মিথিলেশ শুক্লা আৰু আন দুগৰাকী যুৱতী আশ্ৰমলৈ আহিছিল । আশ্ৰমত অসমৰ যুৱতীগৰাকীক তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভন দি লৈ গৈছিল ।

প্ৰথমে যুৱতীগৰাকীৰ ফোনটো বন্ধ কৰি থৈছিল । কিন্তু তিনি-চাৰি দিন পাছত ৰাণী নামৰ এগৰাকী যুৱতীয়ে মাতৃলৈ ফোন কৰিলে আৰু চিন্তা নকৰিবলৈ ক'লে । তেওঁৰ কন্যা তেওঁলোকৰ লগতে সুৰক্ষিত আছে আৰু শীঘ্ৰে আশ্ৰমলৈ পঠিয়াব বুলিও ক'লে ।

মৰিগাঁৱৰ বাসিন্দা মহিলাগৰাকীয়ে অভিযোগ কৰা মতে তেওঁৰ কন্যাক গাজিয়াবাদৰ দম্পতীয়ে অপহৰণ কৰিছে আৰু বিভিন্ন লোকলৈ প্ৰেৰণ কৰি বেয়া কামত লিপ্ত কৰাইছে । আনহাতে ৰাজেশ শুক্লা আৰু আন অভিযুক্তসকলে তেওঁলোকক পুনৰ ফোন কৰিলে হত্যা কৰাৰো ভাবুকি দিছিল যুৱতীগৰাকীৰ মাতৃক ।

কোতৱাল আৰক্ষীয়ে জনোৱা মতে অসমৰ পৰা পোৱা Zero FIRৰ ভিত্তিত গাজিয়াবাদৰ বাসিন্দা অভিযুক্ত ৰাজেশ শুক্লা, তেওঁৰ পত্নী মিথলেশ শুক্লা, ৰাণীৰ বিৰুদ্ধে অপহৰণ, মানৱ সৰবৰাহ আৰু হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে । ভুক্তভোগী মহিলাগৰাকীক তেওঁৰ ভাষ্য গ্ৰহণৰ বাবে ইতিমধ্যে হৰিদ্বাৰলৈ মাতি পঠিয়াইছে । বিবৃতিৰ আধাৰত ব্যৱস্থা লোৱা হ'ব বুলিও আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক :Fake encounter in Assam: পুনৰ ভুৱা এনকাউণ্টাৰে লজ্জিত কৰিলে অসম আৰক্ষীক

ABOUT THE AUTHOR

...view details