অসম

assam

By

Published : Jan 19, 2023, 7:03 PM IST

ETV Bharat / bharat

Wolf terror in Sultanpur: কুকুৰনেচীয়াই ভক্ষণ কৰিলে শিশু

উত্তৰ প্ৰদেশৰ চুলতানপুৰত কুকুৰনেচীয়াই ভক্ষণ কৰিলে এটি ডেৰ বছৰীয়া কন্য়া শিশুক । কুকুৰনেচীয়াৰ সন্ত্ৰাসৰ বাবে অঞ্চলটোত বিৰাজ কৰিছে আতংক (Wolves In Sultanpur)।

Wolves In Sultanpur
চুলতানপুৰত হৃদয় বিদাৰক ঘটনা

নেশ্য়নেল ডেস্ক, ১৯জানুৱাৰী: উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা (Pathetic incident in Sultanpur)। বুধবাৰে নিশা এটা কুকুৰনেচীয়াই বলদিৰাইৰ চাকমুচি গাঁৱত এটি ডেৰ বছৰীয়া কন্য়া শিশুক কামুৰি ঘৰৰ পৰা চোচোৰাই লৈ যায় । পুৱা গাওঁবাসীয়ে কন্য়া শিশুটিৰ মৃতদেহটো ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰে (wolf devoured girl child In Sultanpur) । পৰিয়ালৰ লোকসকলে বৃহস্পতিবাৰে পুৱা শিশুটিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে । ইয়াৰ পিছতেই কুকুৰনেচীয়াৰ সন্ত্ৰাসৰ বাবে এই অঞ্চলটোত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ।

আম্বেদকাৰ নগৰৰ মাহৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত লৌতান চেমৰি গাঁৱৰ বাসিন্দা সন্দীপ কুমাৰ বুধবাৰে সন্ধিয়া বলদিৰাইৰ চাকমুচি গাঁৱত উপস্থিত হয় । ইয়াৰ পিছত পৰিয়ালৰ লোকসকলে নিশাৰ আহাৰ গ্ৰহণ কৰি টোপনি যায় । সকলোৱে টোপনিত লালকাল দিয়াৰ পিছত তেওঁৰ ডেৰ বছৰীয়া কন্য়া প্ৰীতিক এটা কুকুৰনেচীয়াই কামুৰি ঘৰৰ ওচৰৰে এখন হাবিলৈ টানি নিয়ে (Wolf ate baby girl in Sultanpur) ।

ইয়াৰ পিছতেই পৰিয়ালৰ লোকসকলে ডেৰ বছৰীয়া কন্য়া সন্তানটোক বিচনাত দেখা নাপাই হুৱাদুৱা লাগে । পৰিয়ালৰ লোকসকলে চাৰিওফালে বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব নোৱাৰিলে । এই বিষয়ে জানিব পাৰি গাওঁখনৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয় (wolf terror at sultanpur ) । ইফালে, সকলোৱে বিচাৰি থাকোতেই হঠাতে ঘৰৰ ওচৰৰ বাগিচাখনত প্ৰীতিৰ মৃতদেহটো কুকুৰনেচীয়া এটাই ভক্ষণ কৰি থকা প্ৰত্য়ক্ষ কৰে ।

গাওঁবাসীক দেখাৰ লগে লগেই কুকুৰনেচীয়াটোৱে উক্ত স্থানৰ পৰা পলায়ন কৰে (Wolves In Sultanpur)। ইয়াৰ পিছত পৰিয়ালৰ সদস্যসকলে মৃতদেহটো ঘৰলৈ আনি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। পিছত ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । ইপিনে,বন বিষয়া কমলেশ বাহাদুৰ সিঙে কয় যে ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত বন বিভাগৰ দলটো ঘটনাস্থলীত উপস্থিত হয় যদিও ইয়াৰ পূৰ্বেই পৰিয়ালৰ লোকে শিশুটোৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

লগতে পঢ়ক:KLO peace agreement: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকৰে আলোচনা

ABOUT THE AUTHOR

...view details