নেশ্যনেল ডেস্ক, ২৪ মে': যোগ গুৰু বাবা ৰামদেৱক প্ৰশংসা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ । দেওবাৰে টুইটাৰযোগে ৰামদেৱক প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধনে । দুদিন পূৰ্বে ৰামদেৱে আধুনিক চিকিৎসা পদ্ধতি (এলপেথিক)ক সম্পৰ্কে এক মন্তব্য কৰিছিল । পৰৱৰ্তী সময়ত এই মন্তব্যই সামাজিক মাধ্যমত ব্যাপক ৰূপে চৰ্চা লাভ কৰে । পাচত ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন চমুকৈ আই এম এয়ে স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনক ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নাইবা আধুনিক চিকিৎসা পদ্ধতি মষিমূৰ কৰিব লাগে বুলি দাবী জনাইছিল । এই দাবীৰ পাচতে ৰামদেৱে তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰে আৰু উক্ত মন্তব্যটো প্ৰত্যাহাৰ কৰে ।
যোগ গুৰু ৰামদেৱে যিদৰে এলোপেথিক ঔষধৰ বিৰুদ্ধে তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰে আৰু বিষয়টোক লৈ চৰ্চিত হোৱা বিতৰ্ক বন্ধ কৰে সেয়া সঁচাকৈ প্ৰশংসনীয় বুলি টুইটাৰযোগে বৰ্ধনে কয় । উল্লেখ্য যে, স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ৰামদেৱলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ পাচতে এলোপেথিক ঔষধ সম্পৰ্কে কৰা বক্তব্য প্ৰত্যাহাৰ কৰে ।