নেশ্যনেল ডেস্ক, ২৫ জুলাই :যোৱা ১৯ জুলাইৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন (Monsoon Session of Parliament) । কিন্তু দেশজুৰি যিহেতু ক'ভিডৰ (Covid) সংক্ৰমণ অব্যাহত আছে, সেয়েহে সংসদ ভৱনত কঠোৰ স্বাস্থ্য বিধি পালনৰ নিৰ্দেশনা দিয়া হৈছে । সংসদ ভৱনৰ ক'ভিড প্ৰট'কল (Covid protocol) সন্দৰ্ভত এক বিশেষ বিজ্ঞপ্তি জাৰি কৰা হৈছে ।
লোকসভা সচিবালয়ৰ কল্যাণ শাখাই সংসদত কৰ্মৰত সকলো কৰ্মচাৰীৰ বাবে জাৰি কৰিছে এই নিৰ্দেশনা । নিৰ্দেশনা অনুসৰি সংসদৰ সকলো কৰ্মচাৰীয়ে প্ৰয়োজনীয় ক'ভিড বিধি পালন কৰিব লাগিব । লোকসভাৰ বিষয়া-কৰ্মচাৰী আৰু সংসদ চৌহদত কাম কৰা অন্যান্য সহযোগী সংস্থাবোৰে তেওঁলোকৰ টীকাকৰণৰ (Vaccination) স্থিতি স্পষ্ট কৰিব লাগিব ।
সকলো কৰ্মচাৰী-বিষয়াই সাপ্তাহিক ভিত্তিত বাধ্যতামূলক ক'ভিড আৰটিপিচিআৰ পৰীক্ষা কৰিব লাগিব । এই উদ্দেশ্যেৰে সমিতিৰ কোঠা E, PHA, আৰু প্ৰেক্ষাগৃহৰ লগতে প্ৰথম মহলাত দুটাকৈ কাউণ্টাৰ স্থাপন কৰা হৈছে । বিজ্ঞপ্তিটোত প্ৰকাশ কৰা মতে, ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা ১৭ তম লোকসভাৰ ষষ্ঠ অধিৱেশন ১৩ আগষ্টত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে ।