অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত অপৰিৱৰ্তিত অৱস্থাত ক’ভিডৰ কালৰূপ

ত্ৰিপুৰাত অব্যাহত আছে ক’ভিডৰ ভয়াৱহ ৰূপ , বহু যুৱশক্তিয়ে সাবটি লৈছে অকাল মৃত্যুক ৷ পলমকৈ লাভ কৰা স্বাস্থ্য সেৱাৰ বাবেই জীৱন হেৰুৱাইছে বহুজনে ৷

By

Published : Jun 11, 2021, 4:31 PM IST

With 77 deaths in June Tripura Covid crisis deepens
ত্ৰিপুৰাত অপৰিৱৰ্তিত অৱস্থাত ক’ভিডৰ কালৰূপ

আগৰতলা, 11 জুন : ত্ৰিপুৰাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰা প্ৰকাশিত দৈনিক সংবাদ বুলেটিন অনুসৰি, ৰাজ্যখনত দৈনিক সংক্ৰমণৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাইছে অৰ্থাৎ, প্ৰতিদিনে 600 ৰ পৰা 700 লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে । বিভাগটোৰ শীৰ্ষ বিশেষজ্ঞসকলে শেহতীয়াকৈ ভয়ংকৰ সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ অ’ডিট প্ৰতিবেদন(audit report) প্ৰকাশ কৰিছে । এই বিশ্লেষণত দেখা গৈছে যে, বেছিভাগ ক্ষেত্ৰতে পলমকৈ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাটো এনে মৃত্যুৰ মুখ্য কাৰণ আছিল ।

ত্ৰিপুৰাত অপৰিৱৰ্তিত অৱস্থাত ক’ভিডৰ কালৰূপ

সূত্ৰ অনুসৰি, বেছিভাগ মজলীয়া আৰু গম্ভীৰভাৱে আক্ৰান্ত লোককে জিবিপি চিকিৎসালয়(GBP hospital)ত চিকিৎসা কৰি থকা হৈছে ৷ ডেডিকেটেড কোভিড 19 চিকিৎসালয়(dedicated covid19 hospital), আইএলএছ চিকিৎসালয় , ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় এই তিনিখন চিকিৎসালয়তে বেছিভাগ মৃত্যুৰ ঘটনা সংঘটিত হৈছে ।

বহু আক্ৰান্ত যুৱ শক্তি ক’ভিডৰ সৈতে হোৱা জীৱন যুঁজত ইতিমধ্যে পৰাজিত হৈছে । জিবিপি চিকিৎসালয় আগৰতলাত নিযুক্ত এজন জ্যেষ্ঠ চিকিৎসকে কয় যে, 40 বছৰৰ তলৰ বয়সৰ বহুতো ৰোগী সংক্ৰমণৰ সন্মুখীন হোৱা ঘটনা সচাকৈয়ে হৃদয় বিদাৰক ৷ তেওঁৰ ব্যক্তিগত বিশ্লেষণ অনুসৰি, ৰোগীসকলে পলমকৈ চিকিৎসা সেৱা লাভ কৰে আৰু তেওঁলোকক চিকিৎসা প্ৰদান কৰাৰ সময়ত, অক্সিজেনৰ স্তৰ গুৰুতৰভাৱে নিম্মগামী হয় যাৰ ফলত অৱশেষত আক্ৰান্ত লোক সকলৰ বহু অংগ বিকল হৈ পৰে ।

বহুতো ৰোগীক আইচিইউলৈ স্থানান্তৰ কৰাৰ আগতে বহু সময় অপেক্ষা কৰোৱা ৰখা হয় যিহেতু, চিকিৎসালয় সমূহত বিচনাৰ উপলব্ধতাও সীমিত হৈ পৰিছে । চিকিৎসকৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি থকা ৰোগী সকলে কোভিড ৱাৰ্ডৰ একোটা বিচ্ছিন্ন কোণত ২৪ ঘণ্টাই অপেক্ষাৰত অৱস্থাত থাকে ।

অৱশ্যে, সুখৰ খবৰ যে, সমগ্ৰ দেশৰ লগতে সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে,ত্ৰিপুৰাতো ৷ বৃহস্পতিবাৰে, পাঁচজনৰ লোকৰ মৃত্যুৰ লগতে 658 জন লোক নতুনকৈ আক্ৰান্ত হৈছে ৷ ৰাজ্যখনত বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্ত লোকৰ হাৰ 4.12 শতাংশ আছিল । ইফালে, বৃহস্পতিবাৰে 850 জন ক’ভিড আক্ৰান্ত লোকে আৰোগ্য লাভ কৰিছে ৷

লগতে পঢ়ক:উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details