নিউজ ডেস্ক, ২০ ডিচেম্বৰ : সংসদৰ চলিত শীতকালীন অভিবেশনত (Parliament Winter Session 2022) ভাৰত-চীন সীমাবিবাদ প্ৰসংগত দুয়োখন সদনতে তীব্ৰ বাদানুবাদ চলি আছে (Indo China border issue at parliament) । শাসক-বিৰোধী উভয়ে ইটোৱে সিটোৰ ওপৰত অভিযোগ- প্ৰতি অভিযোগত লিপ্ত হৈছে । তাৰ মাজতে কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে চীনৰ সৈতে সীমান্ত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যসভাত নিয়ম ২৬৭-ৰ অধীনত কাৰ্যসূচী স্থগিত ৰখাৰ জাননী দিয়ে ।
ইয়াৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীয়ে সোমবাৰে বিৰোধী দল, বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে সংসদৰ কাৰ্যসূচীত বাধা প্ৰদানৰ স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ দৰে সংবেদনশীল বিষয়ৰ ওপৰত ৰাজনীতি নকৰিবলৈ আহ্বান জনায় । ৰাজ্যসভাৰ অধ্যক্ষই তথাকথিত চীনা অনুপ্ৰৱেশ সন্দৰ্ভত আলোচনাৰ দাবী মানি ল'বলৈ অস্বীকাৰ কৰাৰ পিছত কেইবাটাও বিৰোধী দলৰ সদস্যই সদনৰ পৰা ওলাই যোৱাৰ পিছতে বিজেপিয়ে এই মন্তব্য কৰে (Arunachal Tawang border issue at parliament) ।
ৰাজ্যসভাৰ সদনৰ নেতা আৰু জ্যেষ্ঠ বিজেপি নেতা পীয়ুষ গোৱেলে কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (United Progressive Alliance, UPA) শাসনত থকাৰ সময়ত সংসদৰ সংবেদনশীল বিষয়ত আলোচনা বা স্পষ্টীকৰণ বিচৰা কেইবাটাও উদাহৰণ আছে । তেওঁ ৱাকআউটৰ পিছত সাংবাদিকসকলক কয় যে এইটো দুৰ্ভাগ্যজনক যে বিৰোধীৰ "হতাশা" এনে পৰ্যায়ত উপনীত হৈছে যে তেওঁলোকে সংসদীয় নিয়ম-কানুনক সন্মান কৰা বা অধ্যক্ষৰ সিদ্ধান্তৰ প্ৰতি মনোযোগ দিয়া বন্ধ কৰিছে ।