অসম

assam

ETV Bharat / bharat

উইংছ ইণ্ডিয়া 2024; এইচএএলে প্ৰদৰ্শন কৰিব থলুৱা অসামৰিক নিৰ্মাণ - উইংছ ইণ্ডিয়া 2024

Hindustan Aeronautics Limited : হিন্দুস্তান এৰোনটিক্স লিমিটেডে হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত 18 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া উইংছ ইণ্ডিয়া, 2024ত হিন্দুস্তান-228 বিমান আৰু এএলএইচ ধ্ৰুৱ প্ৰদৰ্শন কৰিব ।

এইচএএলে প্ৰদৰ্শন কৰিব থলুৱা অসামৰিক নিৰ্মাণ
এইচএএলে প্ৰদৰ্শন কৰিব থলুৱা অসামৰিক নিৰ্মাণ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 1:57 PM IST

নিউজ ডেস্ক, ১৭ জানুৱাৰী :অহা 18 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত অনুষ্ঠিত হ'ব উইংছ ইণ্ডিয়া, 2024 । দেশৰ এই বিমান প্ৰদৰ্শনীৰ সময়ত হিন্দুস্তান এৰোনটিক্স লিমিটেড চমুকৈ এইচএএলে ইয়াৰ থলুৱা অসামৰিক নিৰ্মাণ হিন্দুস্তান-228 বিমান আৰু এএলএইচ ধ্ৰুৱৰ উন্নীত অসামৰিক হেলিকপ্টাৰ প্ৰদৰ্শন কৰিব ।

এইচচিএলৰ চিএমডি (অতিৰিক্ত দায়িত্বপ্ৰাপ্ত) চি বি অনন্তকৃষ্ণনে কয়, "এইচএএলে ভাৰতত আঞ্চলিক সংযোগ বৃদ্ধিৰ বাবে 'মেড ইন ইণ্ডিয়া' ফিক্সড উইং অসামৰিক বিমানৰ উদ্যোগ তৈয়াৰ কৰি আছে । কোম্পানীটোৱে ডিঅ'-228 আৰু এইচএছ-748ৰ দৰে বিমান নিৰ্মাণত ইয়াৰ শক্তি ব্যৱহাৰ কৰি আছে আৰু আঞ্চলিক পৰিবহণ বিমানৰ দৰে অসামৰিক বিমান কাৰ্যসূচীলৈ ইয়াৰ সামৰ্থ্য সম্প্ৰসাৰিত কৰিছে । এইচএএলে অসামৰিক এমআৰঅ' কাৰ্যকলাপৰ বাবে সক্ৰিয়ভাৱে সহযোগিতা চলাই আছে ।"

অনুষ্ঠানটোৰ সময়ত এইচএএল ষ্টল নং 25ৰ পল এত প্ৰদৰ্শিত হ'ব । এইচএএল ষ্টলে এলইউএইচ (চিভিল ভেৰিয়েণ্ট), হিন্দুস্তান-228, এএলএইচ (চিভিল ভেৰিয়েণ্ট), লাইন ৰিপ্লেচেবল ইউনিট (এলআৰইউ) আৰু অসামৰিক বিমান সম্পৰ্কীয় আনুষঙ্গিক সামগ্ৰীৰ স্কেল মডেল প্ৰদৰ্শন কৰিব । এইচএএলে বিভিন্ন প্ৰকল্পৰ বাবে ইয়াৰ ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ উপৰি অ'ইএম আৰু গ্ৰাহকৰ সৈতে ব্যৱসায়িক বৈঠক অনুষ্ঠিত কৰিব ।

উন্নত অসামৰিক ধ্ৰুৱ হেলিকপ্টাৰ হৈছে এডভান্সড লাইট হেলিকপ্টাৰৰ এক প্ৰকাৰ । ই হৈছে 5.5 টন টুইন ইঞ্জিন হেলিকপ্টাৰ । ইয়াক এইচএএলৰ দ্বাৰা ডিজাইন আৰু বিকশিত কৰা হৈছে । হেলিকপ্টাৰে বিভিন্ন ভূমিকা যেনে দুৰ্যোগ ব্যৱস্থাপনা, অনুসন্ধান আৰু উদ্ধাৰ (এছএআৰ), আণ্ডাৰশ্লাং ভূমিকা, হেলি-পৰ্যটন, ভিআইপি ফেৰী আদি পালন কৰিব পাৰে । হেলিকপ্টাৰখনত এডভান্সড গ্লাছ ককপিট আৰু এভিঅ'নিক্স আছে । এই হেলিকপ্টাৰে ভাৰত চৰকাৰৰ আঞ্চলিক সংযোগ কাৰ্যসূচীক (আৰচিএছ) সম্পূৰ্ণ কৰিব ।

আনহাতে, হিন্দুস্তান ২২৮ বিমানখন হৈছে আঞ্চলিক সংযোগ আঁচনি উড়ানৰ (উড়ে দেশ কা আম নাগৰিক) অধীনত হ্ৰস্ব পথৰ বিমান পথত দূৰৱৰ্তী আঞ্চলিক সংযোগৰ বাবে এইচএএলৰ দ্বাৰা স্বদেশীভাৱে বিকশিত এক বহুমুখী, পাতল ওজনৰ টুইন টাৰ্বোপ্ৰপ বিমান ।

ইফালে হিন্দুস্তান-228 বিভিন্ন ভূমিকাৰ বাবে নিৰ্মাণ কৰা হৈছে । ইয়াৰ ভিতৰত আছে আঞ্চলিক বিমান/এয়াৰ টেক্সি, ভিআইপি/কাৰ্যবাহী পৰিবহণ, অনুসন্ধান আৰু উদ্ধাৰ, হতাহতক স্থানান্তৰ/এম্বুলেন্স, কাৰ্গো আৰু লজিষ্টিক সমৰ্থন, বিমানবন্দৰৰ কেলিব্ৰেচন নৱ-সহায়ক, ভৌগোলিক জৰীপ, এৰিয়েল ফটোগ্ৰাফী ইত্যাদি । বিমানৰ ককপিটটো সম্পূৰ্ণ ডিজিটেল গ্লাছ ককপিট, আপগ্ৰেড কৰা এভিঅ'নিক্স আৰু ছিষ্টেমৰ সৈতে উন্নীত কৰা হৈছে । বিমানখন ডিজিচিএৰ দ্বাৰা টাইপ প্ৰমাণিত ।

এইচএএলে লাইট ইউটিলিটি হেলিকপ্টাৰৰ এক অসামৰিক প্ৰকাৰ উদ্ভাৱন কৰাৰ বাবেও উদ্যোগ লৈছে । কোম্পানীটোৱে ডিজিচিএ প্ৰমাণ-পত্ৰৰ সৈতে এলইউএইচ অসামৰিক প্ৰটোটাইপ নিৰ্মাণৰ বাবে আগবাঢ়ি আছে । ডিচেম্বৰ, 2025-ৰ ভিতৰত এই লক্ষ্যত উপনীত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :অযোধ্যালৈ কলকাতা আৰু বেংগালুৰুৰ পৰা প্ৰথম বিমান উদ্বোধন জ্যোতিৰাদিত্য সিন্ধিয়াৰ

ABOUT THE AUTHOR

...view details